এনআৰচিত অন্তৰ্ভুক্ত নহ’ল মেঘালয়ৰ পৰা বিয়া হোৱা অসমৰ বোৱাৰীৰ নাম

 09/02/2019 - 20:44

হাটশিঙিমাৰীঃ ৰাজ্যত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছতেই দঃশালমাৰা মানকাচৰ জিলাৰ দঃশালমাৰা বিধানসভা সমষ্টিত মেঘালয়ৰ পৰা বিবাহপাশত আবদ্ধ হৈ অহা মহিলাৰ নাম তালিকাত অন্তৰ্ভুক্ত নোহোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি৷ উল্লেখ্য যে অসম মেঘালয় সীমান্তবৰ্তি অঞ্চলসমূহত মেঘালয়ৰ জীয়ৰী বিবাহপাশত আবদ্ধ হৈ অসমৰ বাসিন্দা হৈ থকা মহিলাবোৰৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলজুৰি৷

জানিব পৰা মতে মেঘালয়ৰ পৰা বিবাহপাশত আবদ্ধ হৈ অহা মহিলাবোৰে এন আৰ চিৰ প্ৰতিটো শুনানিত সময়ত উপস্থিত হৈ এন আৰ চিৰ কৰ্তৃপক্ষই বিচৰা মতে নথি-পত্ৰ জমা দিয়াৰ পিছতো চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই মেঘালয়ৰ মহিলাবোৰৰ৷ আজি দঃশালমাৰা সচেতন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় মহামান্য ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশ হোৱা এন আৰ চিৰ তালিকাৰ পৰা বাদ পৰা মেঘালয়ৰ পৰা বিবাহ হৈ অহা মহিলাবোৰক অসম আৰু মেঘালয় চৰকাৰে এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা কৰিব লাগে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।