09/03/2019 - 13:27
in
চামগুৰিৰঃ চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱৰ পথাৰত এতিয়া নিশা হ'লেই সৃষ্টি হয় আতংকৰ। দীৰ্ঘদিন ধৰি বন্যহস্তীৰ এটা জাকে হাঁহচৰা-বৰালীগাঁৱৰ পথাৰত চলাই আহিছে তীব্ৰ উপদ্ৰৱ। বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি গনেশ চতুৰ্থী তিথিতেই হাঁহচৰা-বৰালীগাঁৱৰ ৰাইজে পথাৰত আয়োজন কৰিলে গনেশ পূজা।
পথাৰৰ আলিত ধূপ-দীপ, বুট-মাহ, কল, বুন্দিয়া লাৰু আদিৰে সেৱা আগবঢ়াই পূজা কৰিলে গনেশ দেৱতাক। বন বিভাগৰ নিৰ্লিপ্ততাৰ বিপৰীতে গনেশ দেৱতাকেই শেষ ভৰসা বুলি ভাবি স্থানীয় কৃষক ৰাইজে কৰিলে পূজা। কাকতি ঘোষাৰে গনেশ দেৱতালৈ পূজা আগবঢ়াই পৰিত্ৰাণ বিচাৰিলে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা। বিগত এসপ্তাহ ধৰি বন্যহস্তীৰ এটা জাকে চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱৰ পথাৰত বিঘাই-বিঘাই ধান খেতি তহিলং কৰি সৃষ্টি কৰিছিল তীব্ৰ উপদ্ৰৱৰ।