মিৰ্জাত নেহৰু যুৱ কেন্দ্ৰ সংগঠনক ৬ দিনীয়া বিশেষ প্ৰশিক্ষণ NDRFৰ

 09/03/2019 - 14:25

মিৰ্জাঃ ৰাজ্যত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় কৰিবলৈ বিশেষভাৱে সাজু হ'ব নেহৰু যুৱ কেন্দ্ৰ সংগঠন। ৰাজ্যত বানপানীয়ে হওক বা ভুমিকম্প হওক যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰায়বোৰ মানুহৰ উদ্ধাৰৰ অভাৱত লগতে সতৰ্কতা নোলোৱাৰ বাবে মৃত্যু হয়। সেইবাবে উদ্ধাৰ কাৰ্যৰ লগতে লোকক সজাগতা কৰাৰ উদ্দেশ্যে NDRFৰ তৰফৰ পৰা নেহৰু যুৱ কেন্দ্ৰ সংগঠনক ৬ দিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

মঙলবাৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ ৬দিনীয়াকৈ ধুবুৰী জিলাৰ নেহৰু যুৱ কেন্দ্ৰ সংগঠনক বিশেষভাৱে প্ৰশিক্ষণ দিব মহানগৰীৰ সমীপৰ ৰাণীস্থিত NDRF আৰু BSFৰ মুখ্যকাৰ্য্যলয়ত। এই প্ৰশিক্ষনত বানপানী, ভূমিকম্প আদিকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেনেদৰে লোকক উদ্ধাৰ কৰিব পাৰে তাৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ দিয়া হ'ব। মঙলবাৰে এই প্ৰশিক্ষণৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী ভৱেশ কলিতাই লগত উপস্থিত থাকে BSFৰ শীৰ্ষবিষয়া পিয়ুছ মৰিয়া, কুলদীপ গোৱালাৰ লগতে উপস্থিত থাকে BSF আৰু NDRFৰ শীৰ্ষবিষয়াসকল। NDRFয়ে এনেদৰে প্ৰশিক্ষণ দিয়া কাৰ্যক ধন্যবাদ জনাই মন্ত্ৰী ভৱেশ কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।