শ্ৰীৰামপুৰঃ অসমৰ আন জিলা আৰু মহকুমাৰ দৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত এখন বিশেষ অঞ্চলৰ ৰাইজে এন আৰ চিৰ পৰা বঞ্চিত হোৱাৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ কলনিত এই ঘটনা সংঘটিত হৈছে। শ্ৰীৰামপুৰ কলনিৰ প্ৰায় ছয় শতাধিক লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নথকা বাবে এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে শ্ৰীৰামপুৰ এলেকাত। বঞ্চিত ৰাইজে প্ৰকাশ কৰা মতে, শ্ৰীৰামপুৰ কলনিত বসবাস কৰা প্ৰায় ১১৪টা বঙালী হিন্দু পৰিয়াল ১৯৬৪ চনত পূৰ্ব পাকিস্তানৰ পৰা অসমত আহে।
ইয়াৰ একাংশ পৰিয়াল শ্ৰীৰামপুৰত আশ্ৰয় গ্ৰহণ কৰে। উক্ত ১১৪ টা পৰিয়াল বৃদ্ধি হৈ বৰ্তমান প্ৰায় ১১শ পৰিয়াল হৈছে। ১৯৬৪ চনত পূব পাকিস্তানৰ পৰা বিতাড়িত হৈ অসমৰ শ্ৰীৰামপুৰত আশ্ৰয় গ্ৰহণ কৰা ১১৪টা পৰিয়ালক তদানীন্তন বিধায়ক মিথিয়াছ টুডু আৰু তদানীন্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম মিলিত হৈ আৰু একত্ৰিত হৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ উপৰি গৃহ বিভাগৰ লগত আলোচনা কৰি উক্ত ১১৪টা পৰিয়ালক গোসাঁইগাঁও ৰাজহ চক্ৰৰ শ্ৰীৰামপুৰত ৮০ বিঘা চৰকাৰী মাটি প্ৰদান কৰে আৰু থকাৰ বাবে অনুমতি দিয়ে।
১৯৬৪ চনৰ পৰাই এই পৰিয়াল সমূহ ব্যৱসায় বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰি আহিছে। তেতিয়াৰ পৰাই শ্ৰীৰামপুৰৰ উক্ত অঞ্চলটোক শ্ৰীৰামপুৰ কলনি বুলি কোৱা হয়। ১৯৬৪ চনৰ পৰা চৰকাৰে প্ৰদান কৰা উক্ত মাটিত সকলো পৰিয়াল আশ্ৰয় গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰি আহিছে। বিগত ৫৫-৬০ বছৰ ধৰি শ্ৰীৰামপুৰ কলনিৰ উক্ত পৰিয়াল সমূহ চৰকাৰী বিভিন্ন আঁচনি যেনে ৰেচন কাৰ্ড, বিদ্যুৎ, ৰাস্তা ঘাট, স্কুল, মন্দিৰ, বজাৰ আদি কৰি বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠান চলি আহিছে যদিও হঠাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰি আহিছে। অকল সেয়াই নহয় গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ এলেকাৰ লোক সকলে আন নাগৰিকৰ সমানে ভোট প্ৰদান কৰি আহিছে। পূৰ্বতে শ্ৰীৰামপুৰত ১১৪টা হিন্দু বঙালী পৰিয়াল পূৰ্ব পাকিস্তানৰ পৰা বিতাড়িত হৈ আহিছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা প্ৰায় হেজাৰোধিক।
শ্ৰীৰামপুৰ কলনিৰ প্ৰায় ছয় শতাধিক লোকৰ নাম শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাই। ভূমি অধিকাৰকে ধৰি অসম চৰকাৰৰ যাৱতীয় সা সুবিধা আৰু গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰা এই সকল লোকক কিহৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা আঁতৰাই ৰাখিছে সেয়া সকলোৰে মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে। ইয়াকে লৈ যোৱা কেইদিন ধৰি অঞ্চলটোত এক চেপা আতংক বিৰাজ কৰিছে। উক্ত পৰিয়াল সমূহৰ পূৰ্ব বংশৰ এন আৰ চি, লিগেচী ডাটা, ভূমিৰ নথি, স্কুল কলেজত অধ্যয়ন কৰা নথি আৰু পূৰ্ব পাকিস্তানৰ পৰা অসমত আহি প্ৰৱেশ কৰা এখন কৈ ৰিফিউজি চাৰ্টিফিকেট আছে।