09/03/2019 - 15:14
in
অভয়াপুৰীঃ অভয়াপুৰীত এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে আত্মহত্যা কৰে। অভয়াপুৰীৰ ৩নং নাচোনগুৰীত এই ঘটনা সংঘটিত হয়। আত্মহত্যা কৰা মহিলা গৰাকী ৰহিমন বিবি বুলি চিনাক্ত কৰা হৈছে। সোমবাৰে সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল মহিলা গৰাকী।
মঙগলবাৰে পুৱা মহিলা গৰাকীৰ ঘৰৰ পাছফালৰ পুখুৰীত ৰহিমন বিবিৰ ওপঙি উঠা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।