বটদ্ৰৱাৰঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত এগৰাকী বিবাহিত মহিলাক স্বামীয়ে পৰিয়ালৰ লোকৰ সৈতে মিলি হত্যাৰ অপচেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণী মতে, যোৱা ৩১ আগষ্টৰ নিশা আশিদা খাতুন নামৰ মহিলাগৰাকীৰ লগত স্বামীৰ সামান্য কথাৰ কটা-কটিৰ সৃষ্টি হয়। পৰবৰ্তী সময়ত মহিলা গৰাকীৰ স্বামী আনিচুৰ ৰহমানে মহিলা গৰাকীক চুলিত ধৰি চোচৰাই মাৰপিট কৰি পৰিয়ালটোৰ সহযোগত ঘৰতেই ডিঙিত কাপোৰ বান্ধি হত্যাৰ চেষ্টা চলাই। লগে লগে মহিলা গৰাকীৰ আৰ্ত চিৎকাৰ শুনি ওচৰ চুবুৰীয়া লোক সকলে আহি মহিলা গৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে।
লগে-লগে স্থানীয় ৰাইজৰ সহযোগত মহিলা গৰাকীৰ নিজ ভাতৃয়ে অতি সংকটজনক অৱস্থাত নিশাই বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি মহিলা গৰাকীৰ স্বামী আনিচুৰ ৰহমানে দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্য সেৱন কৰি প্ৰায়েই মহিলা গৰাকীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। ঘটনা সংক্ৰান্তত মহিলা গৰাকীয়ে ন্যায় বিচাৰি স্বামীসহ স্বামী পৰিয়ালৰ চাৰিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বটদ্ৰৱা আৰক্ষীয়ে ২ ছেপ্টেম্বৰত ২৭৯/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় দল সংগঠন আৰু সচেতন ৰাইজে।