ৰহাঃ হত্যাৰ অভিযোগত অভিযুক্ত এক অপৰাধীক মঙলবাৰে ৰহাৰ হাটবৰত ৰাইজে ধৰি গটালে আৰক্ষীক। অভিযুক্তটো ৰহাৰ গপৰা চিৰমলাৰ বাবু দাস। অভিযুক্ত বাবু দাস যোৰহাটৰ বৰহোলাৰ কাকডোঙাৰ বিনীতা গড় নামৰ এগৰাকী যুৱতীৰ হত্যাৰ লগত জড়িত আছিল। উল্লেখ্য যে যোৱা ৬ আগষ্টত ৰহাৰ আমচৈৰ পুৱবোলাত কপিলী নদীৰ মথাউৰিৰ পাৰত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল তিতাবৰ বৰহোলাৰ বিনীতা গড় নামৰ যুৱতীগৰাকী।
পিছত আমচৈ আৰক্ষীয়ে যুৱতীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যু হয় যুৱতীগৰাকীৰ। এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চল। কিছু দিনৰ পূৰ্ৱে ৰহাৰ বামুণীজানত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ পৰিচয় পত্ৰ, ভোটাৰ কাৰ্ড, পান কাৰ্ড আদি।
পিছত আৰক্ষীয়ে ম'বাইলৰ ফোন কলৰ পম খেদি এই হত্যাকাণ্ডৰ লগৰ ৰহাৰ গছপৰা-চিৰমলাৰ বাবু দাস জড়িত থকাৰ সম্ভেদ লাভ কৰে আৰু যোৱা নিশা আৰক্ষীয়ে ঘৰত অভিযান চলায় অভিযুক্ত পলাই যাবলৈ সক্ষম হয়। কিন্তু মঙলবাৰে পুৱা ৰহাৰ হাটবৰত অভিযুক্ত বাবু দাসক স্থানীয় লোকে আটক কৰি আমচৈ আৰক্ষীক গটাই দিয়ে। পিছত অভিযুক্তক বৰহোলা আৰক্ষীক হস্তান্তৰ কৰা হয়। উল্লেখ্য যে বিনীতা গড়ক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰা বুলি সন্দেহ কৰা হৈছে।