চিকিৎসকৰ নিৰাপত্তা বিচাৰি ডুমডুমা এফআৰইউ চিকিৎসালয়ত চিকিৎসকৰ কৰ্ম বিৰতি

 09/03/2019 - 16:39

ডুমডুমাঃ চিকিৎসক দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত অসম চিকিৎসা সেৱা সন্থা (AMSA) আৰু সৰ্বভাৰতীয় চিকিৎসক সন্থা (IMA)ৰ আহ্বানমৰ্মে সমগ্ৰ অসমৰ লগতে আজি পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ ডুমডুমা এফ আৰ ইউ চিকিৎসালয়তো চিকিৎসকসকলে ২৪ ঘণ্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে।

কৰ্ম বিৰতিৰ জড়িয়তে প্ৰতিবাদ সাব্যস্ত কৰি অভিযুক্তসকলক উচিত শাস্তি, চিকিৎসকৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ লগতে চিকিৎসকৰ নিৰাপত্তাৰ বাবে উচিত আইন প্ৰণয়ন আদিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে। চিকিৎসকসকলে এই বৰ্বৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষী ব্যক্তিক যথোপযুক্ত শাস্তি বিহিবলৈ দাবী জনায়। এই কৰ্মবিৰতি পৰা জৰুৰী কালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।