শিৱসাগৰত চিকিৎসকৰ কৰ্মবিৰতি

 09/03/2019 - 17:17

শিৱসাগৰঃ চিকিৎসক দেবেন দত্তৰ নৃশংস হত্যাৰ প্ৰতিবাদত আজি শিৱসাগৰতো ২৪ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিছে চিকিৎসকসকলে| আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা কৰ্মবিৰতি চৰকাৰী-ব্যক্তিগত খণ্ডৰ সকলো ডাক্তৰ আৰু কৰ্মচাৰীয়ে পালন কৰিছে| ইফালে কৰ্মবিৰতিৰ ফলত ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ|

তাৰ মাজতে অৱশ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়কে ধৰি স্বাস্থ্যকেন্দ্ৰসমূহত জৰুৰীকালীন সেৱা অব্যাহত আছে| উল্লেখ্য যে আজি সন্ধিয়া শিৱসাগৰৰ চিকিৎসক আৰু তেওঁলোকৰ পৰিয়ালে হাতত মমবাতি লৈ এক শোভাযাত্ৰা বাহিৰ কৰিব নগৰখনত|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।