ডিপাৰ্টমেনেটেল ষ্টোৰৰ গ্ৰাহকলৈ সুখবৰ

 09/03/2019 - 17:25

গোগামুখঃ গোগামুখৰ যুৱ ব্যৱসায়ী পাপুল বৰগোঁহাইৰ নৱ পদক্ষেপ। নৱ উদ্যমেৰে আৰম্ভ কৰিছে ডিপাৰ্টমেন্টেল ষ্টোৰ। গ্ৰাহকলৈ লৈ আহিছে আশাৰ বতৰা, অন্য বিপনীসমূহৰ তুলনাত অতি কম মূল্যত গ্ৰাহকক যোগান ধৰিছে দৈনিক প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী। সুবিধা গ্ৰহন কৰিবৰ বাবে এতিয়া গ্ৰাহকৰ হেতা-ওপৰা লাগিছে বিপনীখনত। ধেমাজি জিলাৰ গোগামুখস্থিত ডিপাৰ্টমেন্টেল ষ্টোৰে গ্ৰাহকলৈ আনিছে সুখবৰ । বিপনীখনৰ স্বত্বাধীকাৰী পাপুল বৰগোহাঁই য়ে জানিবলৈ দিয়া মতে বৰ্তমান সময়ত মূল্য বৃদ্ধিয়ে সাধাৰন জনতাক কোঙা কৰাৰ সময়তে বিপনীখনে গ্ৰাহকলৈ লৈ আনিছে এক সুখবৰl গ্ৰাহকসকলৰ দৈনিক প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ অতি ৰেহাই মূল্যত যোগান ধৰিব বিপনীখনে।

ইতিমধ্যে বিপনীখনত বহু গ্ৰাহকৰ ভিৰ দেখা পৰিলক্ষীত হৈছে। প্ৰতি দেওবাৰে বিশেষ ৰেহাই মূল্যত মিঠাতেল(ধাৰা)প্ৰতি লিটাৰৰ মূল্য ১২০ টকাৰ পৰিবৰ্তে ১০৭ টকা, আলু প্ৰতি কেজি ১৫ টকাৰ বিপৰীতে ১০ টকা আৰু দালি প্ৰতি কেজি ৮০ টকাৰ মূল্যৰ বিপৰীতে ৬০ টকাত যোগান ধৰি আছে বিপনীখনৰ স্বত্বাধীকাৰী গৰাকীয়ে। নৱ উদ্যমেৰে আগবাঢ়ি অহা বিপনীখন গোগামুখৰ গ্ৰামীণ বিকাশ বেংকৰ তলত বৰ্তমান অৱস্থিত। সদাশয় গ্ৰাহকে পলম নকৰি যাওঁক ডিপাৰ্টমেন্টেল ষ্টোৰলৈ আৰু অতি কম মূল্যত ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।