গুৱাহাটী: আজি গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক প্ৰাণতোষ ৰয়ে কয় যে- যোৱা ৩১/০৩/২০১৯ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে সৈতে সদৌ অসম ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল।
সেই বৈঠকখনত সন্থাৰ প্ৰতিনিধিবৰ্গই সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ লগতে লেবাৰ লাইচেন্সৰ সমস্যা অতি সোনকালে পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালক অনুৰোধ জনাইছিল।
উক্ত সভাত সদৌ অসম ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিবৰ্গক সন্থাৰ দাবীসমূহ আগন্ত্তক লোকসভা নিৰ্বাচনৰ পিছত সহানুভূতিৰ সৈতে আলোচনাৰ যোগেৰে সমাধান কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে।
আজিৰ এই সংবাদমেলৰ যোগেদি সদৌ অসম ব্যৱসায়ী সন্থাই বিভাগীয় কৰ্তৃপক্ষক সন্থাৰ দাবীসমূহ মুখ্যমন্ত্ৰী সোণোৱালে দিয়া প্ৰতিশ্ৰুতিমৰ্মে সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত সন্থাৰ সদস্যসকলক কোনো ধৰণৰ হাৰাশাস্তি নকৰিবলৈ অনুৰোধ জনায়।