বিজনীত চিকিৎসকৰ কৰ্মবিৰতি

 09/03/2019 - 17:32

বিজনীঃ চিৰাং জিলাৰ বিজনীত মঙলবাৰে অসমৰ চিকিৎসা সেৱা সন্থা (AMSA)আৰু ভাৰতীয় চিকিৎসা সন্থা (IMA)ৰ আহ্বানক্ৰমে চিকিৎসকৰ ওপৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অত্যাচাৰৰ প্ৰতিবাদত আজি বিজনীত কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে। বিজনীৰ ভেটাগাঁও চৰকাৰী চিকিৎসালয়ৰ প্ৰাঙ্গনত পুৱা ৬ বজাৰ পৰা কাইলৈ পুৱা ৬ বজালৈ চলিব এই কৰ্মবিৰতি।

উল্লেখ্য যে টিয়কত যোৱা ৩০ আগষ্টত চিকিৎসকক হত্যা কৰাৰ প্ৰতিবাদত বিজনীৰ চিকিৎসকসকলে আজি এই কৰ্মবিৰতি পালন কৰে। ডাঃ দেবেন দত্তক নিৰ্মমভাবে হত্যা কৰাৰ ঘটনাত বিজনী চিকিৎসকসকলে গৰিহনা দিয়ে আৰু আমছা গোটৰ তৰফৰ পৰা চৰকাৰক দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাই আজি কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিজনী ভেটাগাঁও চিকিৎসালয়ৰ চিকিৎসকসকলে জানিবলৈ দিয়ে যে আজি প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত জৰুৰীকালীন চিকিৎসা সেৱা অব্যহত থাকিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।