চিকিৎসক দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত ৰঙিয়াত চিকিসৎকৰ কৰ্মবিৰতি

 09/03/2019 - 17:37

ৰঙিয়াঃ টীয়কৰ চাহ বাগানত চিকিৎসক ডাঃ দেৱেন দত্তক কৰ্তব্যত থকা অৱস্থাতে এদল দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে চিকিৎসকসকলে আজি কৰ্মবিৰতি পালন কৰে। সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বান মৰ্মে ৰাজ্যিক চিকিৎসা সেৱা সন্থাৰ নিৰ্দেশ মৰ্মে ৰূপায়িত হোৱা কৰ্ম বিৰতি কাৰ্যসূচী আজি ৰঙিয়াতো পালন কৰা হয়। ৰঙিয়া সামূহিক চিকিৎসালয়, ৰঙিয়া মডেল হাস্পতাল আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসকসকলে জৰুৰী সেৱাৰ অব্যাহত ৰাখে যদিও আন চিকিৎসাসমূহ বাতিল কৰি কৰ্মবিৰতি পালন কৰে।

বিশেষকৈ ৰঙিয়া বনগাঁওস্থ ৰঙিয়া সামূহিক চিকিৎসালয়ত চিকিৎসকসকলে কৰ্মবিৰতি পালন কৰি প্ৰয়াত চিকিৎসক দেৱেন দত্তৰ ফটোত মাল্য অৰ্পন কৰি শ্ৰদ্ধা জনায়। মাল্যাৰ্পন কাৰ্যসূচীৰ পিছত সামূহিক স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে টিয়ক চাহ বাগানৰ হাস্পতালত চিকিৎসা সেৱা অব্যাহত ৰখাৰ সময়তে একাংশ দুৰ্বৃত্তই চিকিৎসকগৰাকীক প্ৰহাৰ কৰি হত্যা কৰা কাৰ্য্য কোনো কাৰণতে গ্ৰহনযোগ্য নহয়। আৰক্ষীয়ে ঘটনাৰ লগত জৰিৰ কেইবাগৰাকী ব্যক্তিক আটক কৰিছে যদিও আটকাধীন দুৰ্বৃত্ত কেইজন কোনো কাৰণতে মুক্ত হ’ব নোৱাৰে তেনে এক ব্যৱস্থা কৰাৰ বাবে দাবী জনায়। হত্যাকাণ্ডৰ গোচৰটো ফাষ্টটেক্ আদালতৰ দ্বাৰা কৰিবলৈ চিকিৎসক বৈশ্যই ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়। ইয়াৰ উপৰি চিকিৎসকসকলৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে দাবী জনাই চিকিৎসক গৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।