পুনৰ বহিঃৰাজ্যত নিৰ্যাতিত হ'ল অসমৰ যুৱক

 09/03/2019 - 18:05

ধিঙঃ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ৰেলৱে পথৰ কাষত উদ্ধাৰ হ'ল অসমৰ যুৱক। নগাঁও জিলাৰ জাজৰিৰ ঢলপুৰীয়াৰ অৱনী বৰা এইজন লোক। বয়স ৪৫ বছৰ। কৰ্মসুত্ৰে হাইদৰাবাদত আছিল বিগত এটা বছৰে। ভাগিনৰ বিয়া উপলক্ষে দেওবাৰে চেকেণ্ডাবাদ টু গুৱাহাটী এক্সপ্ৰেছ ৰেলেৰে ঘৰৰ অভিমূখে যাত্ৰা অৱনী বৰাৰ।

সোমবাৰে নিশালৈকে পত্নী ৰূপা বৰাৰ সৈতে যোগাযোগ আছিল। কিন্তু তাৰ পিছৰে পৰা স্বামীৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে পত্নীৰ। মঙলবাৰে পুৱা বহিঃৰাজ্যৰ হৰিচন্দ্ৰপুৰ থানাৰ পৰা পত্নীলৈ আহিল এটা ফোনকল। স্বামীক ৰেল পথৰ কাষৰ পৰা থানাৰ আৰক্ষীয়ে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জনাই পত্নী ৰূপাক।

খৱৰটো পাই লগে লগে কান্দোনত ভাগি পৰে অৱনীৰ পত্নী। আৰ্থিক অনাটনে জুৰুলা কৰা ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম স্বামীক লগ পাবলৈ বহিঃৰাজ্যলৈ যাবলৈ পত্নীৰ নাই কোনো ধৰনৰ উপায়। স্বামীক সুস্থ কৰি ঘৰলৈ অনাৰ দিহা কৰিবলৈ চৰকাৰ তথা ব্যক্তিক কাতৰ অনুৰোধ জনাইছে এইগৰাকী দৰিদ্ৰ পত্নীয়ে। এইদৰে সঘনাই অসমৰ যুৱক বহিঃৰাজ্যত কিয় সুৰক্ষিত নহয় তাক লৈ চিন্তনীয় বিষয় হৈ পৰিছে। কোনো লোকে ৰে’লৰ পৰা পেলাই দিছে নে অন্য কিবা সেয়া আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।