09/03/2019 - 18:25
in
ডিজিটেল ডেস্কঃ ধেমাজিৰ সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান উই কেন মাছখোৱাই হাবুং থিয়েটাৰৰ বেনাৰত গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আৰ্ন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এক নাট্য কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ টিম ইণ্ডিপিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা নাট্য উৎসৱত যোৱা ২ ছেপ্তেম্বৰ তাৰিখে উই কেন মাছখোৱাৰ হাবুং থিয়েটাৰে নিৱেদন কৰে এক হাস্যমধুৰ নাট্য ‘ঘোষ্ট ৰেচিডেঞ্চি’ প্ৰখ্যাত নাট্য শিল্পী বাদল চৰকাৰৰ ৰচিত বল্লভ পুৰেৰ ৰূপকথা শীৰ্ষক নাটক খন ‘ঘোষ্ট ৰেচিডেঞ্চি ফুল্লী এয়াৰকণ্ডিচন’ নামেৰে অসমীয়া অভিযোজনা আৰু পৰিচালনা হ’ল নাট্য বিদ্যালয় স্নাতক প্ৰাঞ্জল কে শইকীয়াৰ। ৰুপম চেতিয়া, নৱ বৰগোহাঁই, ভাষ্কৰ দত্ত, ৰণজিত শৰ্মা, দৰ্শনা বৰা, দিয়াশ্ৰী শইকীয়া আদিয়ে অংশগ্ৰহণ কৰা নাট্য কাৰ্যসূচীত কেইবাজনো বিশিষ্ট নাট্যকৰ্মী উপস্থিত থাকে।