ফুলতলিত বিনামূলীয়া চিকিৎসা শিবিৰ

 09/03/2019 - 19:36

লাহৰীঘাটঃ ডঃ আমিন হোমিওপেথিক কেয়াৰ এণ্ড ৰিছাৰ্জ চেন্টাৰ নগাঁও আৰু এ জে হোমিও ক্লিনিক ফুলতলিৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰ সুকলমে সম্পন্ন হয়। বিনামূলীয়া চিকিৎসা শিবিৰত মুঠ ৫২ জন ৰোগীক বৃক্কৰ পাথৰ, কেঁচুমৰীয়া, ডায়েবেটিছ, মহিলাৰ বগা স্ৰাব আৰু অন্যান্য ৰোগৰ ১২ গৰাকী ৰোগীক বিনামূলীয়া চিকিৎসাৰ লগতে ঔষধ যোগান ধৰা হয়।

বিনামূলীয়া চিকিৎসা শিবিৰত সেৱা আগবঢ়াই ক্ৰমে ডঃ আমিনুল ইছলাম খন্দকাৰ (এম ডি হোমিও), ডাঃ গিয়াছ উদ্দিন বৰভূঞা, ডাঃ জিয়াউৰ ৰহমান আৰু সহকাৰী চিকিৎসকে। হোমিওপেথিক প্ৰতিষ্ঠান দুটাৰ মহৎ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।