শংকৰদেৱ বিদ্যানিকেতনৰ জ্ঞান বিজ্ঞান মেলা অনুষ্ঠিত

 09/03/2019 - 19:56

মৰিগাঁওঃ শংকৰদেৱ বিদ্যানিকেতনৰ মৰিগাঁও সংকুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ২০১৯ বৰ্ষৰ জ্ঞান বিজ্ঞান মেলা। মৰিগাঁৱৰ মানিপুৰ শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰাংগণত অনুষ্ঠিত জ্ঞান বিজ্ঞান মেলাত মৰিগাঁও সংকুলৰ ১৩ খন নিকেতনৰ ২০০ প্ৰতিযোগী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

মূলত শিশু, বালক আৰু কিশোৰ শাখাৰ আৰ্হি প্ৰদৰ্শন জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা ভাব বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে মেলা। প্ৰদৰ্শনীত স্হানপ্ৰাপ্ত সকলে জিলা পৰ্যায়ত আৰু জিলা পৰ্যায়ত নিৰ্বাচিত হোৱা সকলে ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে সুবিধা পাব বুলি অৱগত কৰে আচাৰ্য সকলে।

জিলাখনৰ বিভিন্ন শংকৰদেৱ বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত বৈজ্ঞানিক আবিষ্কাৰ বিভিন্ন বিষয়ৰ সংস্কৰণ প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনীত মেথচ চিটি, চন্দ্ৰ যান, দূৰবীক্ষণ, অনুবীক্ষন, সৌৰশক্তি বোৰৰ আগজাননী, মিছাইল, বানপানী উমান দিব পৰা যন্ত্ৰকে আদি কৰি বিভিন্ন যন্ত্ৰ উদ্ভাৱন কৰি ইয়াৰ কৰ্ম আৰু শৈলীৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।