ডিগবৈত ডকাইতিকাণ্ডঃ নাম্বাৰ প্লেটবিহীন স্কৰপিঅ’ বাহনসহ এজনক গ্ৰেপ্তাৰ

 09/04/2019 - 16:37

ডিগবৈঃ তিনিচুকীয়াৰ ডিগবৈ-পেঙেৰী সংযোগী পথত অৱস্থিত ফাঁচি দলং নামৰ ঠাইডোখৰত পেঙেৰী চাৰিআলিস্থিত মা পেট্ৰ এজেঞ্চি নামৰ পেট্ৰল পাম্পৰ মেনেজাৰ সুজিৎ কুমাৰ শৰ্মাসহ আন এজন লোক ডিগবৈস্থিত নিজ বাসগৃহলৈ নিজৰ দুচকীয়া বাহনেৰে আহি থকাৰ অৱস্থাত মেনেজাৰ সুজিৎ কুমাৰ শৰ্মাক নাম্বাৰ প্লেটবিহীন বগা স্কৰপিঅ’ বাহনত অহা চাৰিজনীয়া এক ডকাইতৰ দলে আগভেটি ধৰে।

আগভেটি ধৰি সুজিৎ কুমাৰক প্ৰহাৰ কৰাৰ লগতে তেওঁ লগত লৈ অহা বেগটো কাঢ়ি লয়৷ সুজিৎ কুমাৰে জানিবলৈ দিয়া মতে ডকাইতৰ দলটোৱে তেওঁক প্ৰহাৰ কৰি থকাৰ অৱস্থাত পেঙেৰী দিশৰ পৰা ডিগবৈ চহৰৰ অভিমুখে আহি থকা এখন চাহ পাত কঢ়িয়াই অনা গাড়ী পোহৰ দেখি পলায়ন কৰে। পাছত চাহপাত কঢ়িয়াই অনা গাড়ীখনক সমগ্ৰ ঘটনাটো অৱগত কৰাত গাড়ীখনে পিছ লৈ ফাঁচি দলঙত ডকাইতৰ দলটোৰ গাড়ীখন ৰখাই চেগ বুজি তিনিজন ডকাইত পলাই যাবলৈ সক্ষম হয়।

নাম্বাৰ প্লেটবিহীন গাড়ীখনৰ গৰাকী বুলি পৰিয়চ প্ৰদান কৰা শিৱসাগৰ জিলাৰ ডিমৌ থানাৰ অন্তৰ্গত নেমুকুৰৰ নয়ন দীপ সোণোৱালক কৰায়ত্ত কৰি ডিগবৈ আৰক্ষীক গটাই দিয়ে আৰু পলায়ন কৰা আন তিনিজন ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।