ৰহাঃ সীমাহীন দুৰ্নীতি সংঘটিত হৈছে ৰহাৰ বাৰপূজীয়াৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত মনিপুৰটুপ গাঁও পঞ্চায়তত। পঞ্চায়তটোৰ সচিবজনৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। গুৰু গোসাঁই নমনা মনিপুৰটুপ গাঁও পঞ্চায়তৰ সচিব হবিবুৰ ৰহমানে প্ৰতিটো আঁচনিতে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তবাসীয়ে। অভিযোগ অনুসৰি যোৱা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মনিপুৰটুপ গাঁও পঞ্চায়তত চতুৰ্দশ বিত্ত আয়োগৰ অধীনত ৯লাখ টকাৰ এটা সমূহীয়া ভৱন নিৰ্মাণৰ আবণ্টন দিয়া হৈছিল।
পঞ্চায়ত সচিব হবিবুৰে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে খৰ-খেদাকৈ ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। কিন্তু ভৱনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰি বিগত প্ৰায় এবছৰে আধৰুৱাকৈ পেলাই থৈছে। অভিযোগ মতে প্ৰায় দুই লাখ টকা খৰছ কৰিয়েই সচিব হবিবুৰে সমুদায় ধন আদায় কৰি আত্মসাৎ কৰিছে। আনকি নাম ফলকো নলগালে সচিবজনে। স্থানীয় ৰাইজে সচিবজনৰ দুৰ্নীতিৰ বিৰুদ্ধে খণ্ড উন্নয়ন বিষয়াকে ধৰি উৰ্ধ্বতন বিষয়াক অভিযোগ দিছে যদিও কোনো ব্যৱস্থা লোৱা নাই।
এনেকুৱা বহু আঁচনিত ঠিকাদাৰৰ দৰে নিজেই কাম কৰি সচিব হবিবুৰে লুণ্ঠন কৰি আহিছে লক্ষ লক্ষ টকা। কোনো আঁচনিতে লগোৱা নাই নাম ফলক। আনকি যোৱা ৮মাহে সচিবজন কাৰ্যালয়লৈকে অহা নাই বুলি অভিযোগ তুলিছে ৰাইজে। সচিবজনৰ দুৰ্নীতিৰ বিৰুদ্ধে শেহতীয়াকৈ খড়্গহস্ত হৈ পৰিছে পঞ্চায়তবাসী আৰু এনে দু্ৰ্নীতিপৰায়ণ সচিবজনৰ দুৰ্নীতি বিৰুদ্ধে উচিত তদন্ত দাবী জনাইছে স্থানীয় ৰাইজে।