ডিমাকুছি ভোলাতাৰত বন্যহস্তীৰ গছকত এজনৰ মৃত্যু

 09/07/2019 - 15:29

ভেৰগাঁওঃ হাতী মানুহৰ সংঘাতে তীব্ৰ তথা ভয়াবহ ৰূপ লৈছে ওদাগুৰিৰ জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত। নিশা হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ বৃহৎ বৃহৎ জাক। ফলস্বৰূপে বিঘাই বিঘাই খেতি পথাৰ, ঘৰ-দুৱাৰ, সা-সম্পত্তি নষ্ট হোৱাৰ লগতে প্ৰাণ হানি হৈছে মানুহৰ| ঘটনা অনুসৰি আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত ডিমাকুচি থানাৰ অন্তৰ্গত ২নং ভোলাতাৰত বনৰীয়া হাতী এটাই তাণ্ডৱ চলাই ঘৰ ভাঙি লণ্ড ভণ্ড কৰে।

লগে লগে গাঁৱৰ ছয়জন লোকে হাতী খেদিব ওলাই আহে আৰু তেতিয়াই বনৰীয়া হাতীৰ আক্ৰমণত ৰাম বাহাদুৰ গৌতম নামৰ ৭৩ বছৰীয়া লোকজন গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ টংলা সামূহিক চিকিৎসালয়ত লৈ যায় যদিও আধা বাটতে কৰুণ মৃত্যুক সাৱতি লয় ৰাম বাহাদুৰে। চলিত বৰ্ষত বৰ্তমানলৈকে ওদালগুৰি জিলাত ২৩ জনকৈ লোকৰ মৃত্যুৰ বিপৰীতে এটা হাতীৰো হাতী মানুহৰ সংঘাতৰ ফলত প্ৰাণ হেৰুৱাব লগীয়া হৈছে। ভৱিষ্যতে ইয়াৰ সংখ্যা ৰাইজে আৰু বৃদ্ধি হোৱাৰ আশংকা কৰিছে যদিও এই ক্ষেত্ৰত নিৰৱ ভূমিকা পালন কৰিছে অসম চৰকাৰ তথা বিটিচি প্ৰশাসনৰ বিয়াগোম বন বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।