ডুমডুমাঃ উজনি অসমৰ তিনিচুকীয়া জিলা হাপজান শিক্ষা কেন্দ্ৰৰ অন্তৰ্গত ৰপাই টি.ই.মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল চোৰ কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকী ধৰা পৰা ঘটনাই অঞ্চলজুৰি চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে বিয়লি বিদ্যালয়ৰ কাষতে থকা খেলপথাৰ যুৱকসকলে খেলি থকা সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দীপা বৰ্মনে দুটা চাউল ভৰ্তি বেগ আনি গাড়ীত ভৰোৱা দেখি যুৱকসকলে গাড়ীৰ ওচৰলৈ আহি পিছফালটো খুলিবলৈ কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। যুৱকসকলৰ ভাষ্য অনুসৰি এইয়া চুৰি কাণ্ড বুলি উল্লেখ কৰি বিদ্যালয়ৰ ভিতৰত আৰু চাউল লৈ যাবলৈ বান্ধি থোৱা আছিল বুলি উল্লেখ কৰিছে।
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জনৰ মন্তব্য অনুসৰি আগতেও শিক্ষয়িত্ৰীগৰাকী এনেধৰণৰ কাৰ্য্যৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে।এছ২৩এম ৫৯৩৭ নম্বৰৰ ব্যক্তিগত গাড়ীত ভৰোৱা অৱস্থাত মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ হোৱাৰ পাছত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া সময়হে কব।