ভৱানীপুৰ উন্নয়ন খণ্ডত অৰাজকতাঃ খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক পত্ৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ

 09/07/2019 - 17:47

বৰপেটাঃ সীমাহীন দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে বৰপেটাৰ হাউলী ইটাৰভিঠাস্থিত ভৱানীপুৰ উন্নয়ন খণ্ডত। উন্নয়ন খণ্ডত থকা আঞ্চলিক পঞ্চায়তৰ সভাপতিজনৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। গুৰু গোসাঁই নমনা ভৱানীপুৰ উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বিল্লাল হুছেইনে প্ৰতিটো আঁচনিতে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ লগত হাত মিলাই দিছে খণ্ড উন্নয়ন বিষয়াজনে। সকলো বস্তু বিতৰণৰ তালিকা সভাপতিয়ে মোটা অংকৰ ধনৰ বিনিময়ত প্ৰস্তুত কৰিছে বুলি অভিযোগ উঠিছে।

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ টিনপাট, আঠুৱা, কম্বল আদি বিতৰণ নকৰি ভৱানীপুৰ উন্নয়ন খণ্ডৰ গুদামতে আৱদ্ধ কৰি ৰাখিছে সভাপতি বিল্লাল হুছেইনৰ লগতে খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে। হিতাধিকাৰীৰ তালিকা ৰাজহুৱা নকৰাকৈ সভাপতিজনে নিজৰ পচন্দৰ ব্যক্তিক টিনপাত বিতৰণ কৰি থকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে টিনপাট বিতৰণৰ তালিকাত সভাপতিজনৰ নিজ মাতৃৰ নাম সংযোজন কৰি টিনপাত প্ৰদান কৰিছে। আচলতে খণ্ড উন্নয়নত বিতৰণ কৰিব লগীয়া সামগ্ৰীসমূহ ৰাজহুৱা সভাৰ জৰিয়তেহে বিতৰণ কৰাৰ নিয়ম।

কিন্তু দুৰ্নীতি ফাদিল হোৱাৰ ভয়তেই নিজৰ পক্ষত থকা ব্যক্তিৰ ঘৰৰ পৰাই সামগ্ৰীসমূহ বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে উন্নয়ন খণ্ডৰ কাষতে থকা পুখুৰীটোও ডাক বা নিবিদা আহ্বান নকৰাকৈ এগৰাকী ব্যক্তিক ঠিকা আবণ্টন দিয়াটোও মানি ল’ব পৰা নাই আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে। কিহৰ স্বাৰ্থত ভৱানীপুৰ উন্নয়ন খণ্ডৰ সভাপতিজনে দমকলসমূহ বিভিন্নজনৰ গৃহত মজুত কৰি ৰাখিছে সেয়া ৰহস্যৰ আৱৰ্তত। শুকুৰবাৰে দহ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই সাক্ষৰ কৰি বৰপেটাৰ উপায়ুক্ত, জিলা মুখ্য কাৰ্যবাহী বিষয়া, প্ৰকল্প সঞ্চালক আৰু খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে দুৰ্নীতিৰ পৰা পৰিত্ৰান বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।