09/08/2019 - 14:57
in
মিৰ্জাঃ দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব লগা ৬৮ সংখ্যক উত্তৰ পূৱ পৰিষদৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে ৰাওনা হ’ব৷
৯ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত হ’ব লগা উত্তৰ পূৱ গণতান্ত্ৰিক মৰ্চাৰ চমুকৈ "নেডা"ৰ বৈঠকত পুৱা ১০.৪৫ ৰ পৰা অংশগ্ৰহণ কৰিব। দুপৰীয়া ১.৩৫ ত পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব৷ বিমান বন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে আদৰণি জনায়।