বিজেপি নিলাজ, কংগ্ৰেছ দুৰ্নীতিপৰায়ণঃ ললিত পেগু

 04/05/2019 - 17:50

ৰঙাপৰাঃ সমগ্র দেশতে লোকসভা নিৰ্বাচনী প্রচাৰ তুংগত উঠাৰ সময়তে আজি ৰঙাপৰা ৰে’লৱে খেল বাকৰিত ভোটাৰ পাৰ্টীৰ ইণ্টাৰনেছনেলৰ এক নিৰ্বাচনী সভা দিনৰ ১২ বজাত অনুষ্ঠিত হয়।

নিৰ্বাচনী সভাত দলটোৰ কেন্দ্ৰীয় সভাপতি ভৰত গান্ধীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত দলটোৰ ৰাজ্যিক সভাপতি ললিত পেগুয়ে উপস্থিত ৰাইজক ৰঙাপৰাৰ ৰাইজে নিৰ্বাচনত ভোটাৰ পাৰ্টিৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়।

নিলাজ মানুহে বিজেপি কৰে আৰু কংগ্ৰেছক দুৰ্নীতিপৰায়ণ বুলি উল্লেখ কৰে পেগুয়ে। বিজেপি আৰু কংগ্ৰেছে জাতপাতৰ ৰাজনীতি কৰা বুলি ললিত পেগুয়ে দুয়োটা দলক তীব্ৰ সমালোচনা কৰে। সভাত কেন্দ্ৰীয় সভাপতি ভৰত গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে দলৰ প্ৰাৰ্থীক বিজয় সাবস্ত্য কৰিবলৈ ৰাইজক আহ্বান জনায়।

জাতি-ধৰ্মৰ উৰ্ধত গৈ আৰ্থিক প্ৰগতিৰ বাবে ভোট দিবলৈ তেওঁ ৰাইজক কয়। তেখেতে বিজেপিক জুমলা পাৰ্টি বুলি অভিহিত কৰাৰ লগতে কংগ্ৰেছে ভোটাৰৰ আৰ্থিক প্ৰগতিত বাধা আৰোপ কৰে বুলি ভৰত গান্ধীয়ে নিজৰ বক্তব্যত মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক চাহ বাগিচাত শ্ৰম কৰি চাহ শ্ৰমিকৰ কষ্ট অনুধাৱন কৰিবলৈ তেওঁ আহ্বান জনায়। সভাখনত দলটোৰ বহু কেইগৰাকী জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।