দুবছৰে সন্ধান নাই আজিৰণ নেচাৰ

 04/06/2019 - 18:17

তামুলপুৰঃ দুবছৰ ধৰি সন্ধানহীন বাক্সাৰ এগৰাকী সোতৰ বছৰীয়া যুৱতীৰ৷ আজিলৈকে শুংসুত্ৰ নাই আজিৰণ নেচা নামৰ যুৱতীগৰাকীৰ৷

নিজ পুত্ৰী উভতি অহাৰ অপেক্ষাত ক্ষণ গণিছে দুৰ্ভগীয়া পিতৃ-মাতৃহালে৷ পিচে ক'লৈ গ'ল আজিৰণ নেচা? দুই বছৰে সন্ধান নাই যু‍ৱতীগৰাকীৰ৷ বিচাৰি বিচাৰি হতাশ হৈ পৰিছে পিতৃ -মাতৃও৷

ফটো আনিবলৈ ওলাই গৈছিল ঘৰৰ পৰা ৷ কিন্তু পুনৰ উভতি নাহিল আজিৰণ নেচা ৷

জানিব পৰা মতে, বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলবাৰীৰ আলীৰ জীয়ৰী আজিৰণ নেচাই দুবছৰ পূৰ্বে ফটো আনিবলৈ ওলাই যোৱাৰেপৰা বৰ্তমানলৈ নিৰুদ্দেশ হৈ আছে৷ পৰিয়ালৰ লোকে বিভিন্ন স্থানক বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপায় অৱশেষত কাষ চাপিল আৰক্ষীৰ৷

কিন্তু বিগত দুবছৰে আজিৰণৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষীও৷ পুত্ৰীৰ অপেক্ষাত হতাশ হৈ পৰিছে পিতৃ -মাতৃ৷

নিজৰ জীয়ৰী ঘৰলৈ ঘুৰি আহিব বুলি আজিও আশাৰে বাট চাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।