উদ্যমী যুৱ সমাজকৰ্মী জয়ন্ত বৰাৰ উদ্যোগত বৃক্ষ ৰোপণ

 09/24/2019 - 18:32

বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ বিহালী বিধানসভা সমষ্টিত সেউজ বিপ্লৱ গ্ৰহণ কৰাৰ উদ্দেশ্যে বিভিন্ন বিদ্যালয়, চৰকাৰী-বেচৰকাৰী, অনুষ্ঠান-প্ৰতিষ্ঠানসকলোতে বৃক্ষ ৰোপণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজক পৰিৱেশ সম্পৰ্কে সজাগ কৰি আহিছে। মংগলবাৰে খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হেমাংগ হাজৰিকাই আঁতধৰা সভাত সভাপতিত্বত কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ললিত বৰাই।

বিদ্যালয় খনত বৃক্ষ ৰোপণ কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অবসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক গিৰিজ বৰাই গছ-গছনি বৃক্ষ ৰোপন আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ভাৱে বক্তব্য আগবঢ়ায়। জনসংখ্যা বৃদ্ধিৰ লগে লগে গছ-গছনিৰ সংখ্যা কমি আহিছে। এজোপা গছ কটাৰ বিপৰীতে পাঁচ জোপাকৈ বৃক্ষ ৰোপণৰ আহ্বান জনাই। ইফালে এই বৃক্ষ ৰোপণ কাৰ্যসূচীৰ উদ্যোক্তা জয়ন্ত বৰাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে ভাত-পানীতকৈও গছ-গছনি আমাৰ কাৰণে অধিক প্ৰয়োজন।

গছ থাকিলেহে মানুহ থাকিব। বৰাই লগতে কয় যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপন কৰিব লাগে তেতিয়াহে আমাৰ পৰিৱেশ অত্যধিক প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পাৰিম। এই বৃক্ষ ৰোপণ কাৰ্যসূচীত বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত মহন্ত, আশা শইকীয়া, অনুৰাধা ভাগৱতী, কৃষ্ণ প্ৰসাদ নিৰলা, দুৰ্গাশ উপাধ্যায়, ৰুমী বৰুৱা, মমী শইকীয়া, ৰংগনা শৰ্মা, বিজয় বসুমতাৰী, গায়ত্ৰী কালোৱাৰ, চন্দন পাঠক, ধ্ৰুৱজ্যোতি হাজৰিকা, সমাজকৰ্মী পংকজ মুদৈ, আছাৰ বিশ্বনাথ জিলা সম্পাদক অজিত কুৰ্মী, দ্বিজেন কুৰ্মী, আটছাৰ বাবুল গোৱালা, জেফৎ নাগ, মানৱ ছাহু, সাংবাদিক অমিতাভ বৰুৱা, হেমন্ত শইকীয়া, আব্দুল বাৰেক, অম্লান কাশ্যপ ছাহু, ইকুমণি শইকীয়াকে ধৰি প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ বহুত ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।