যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে পূৱ মালয়বাৰী পানী যোগান আঁচনি

 10/11/2019 - 13:20

সোণাপুৰঃ বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৰাজ্য চৰকাৰে অঞ্চলে অঞ্চলে বিভিন্ন খোৱা পানী যোগান আচনি নিৰ্মাণ কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু অমনোযোগিতাৰ বাবে সেই আচনিসমূহ ক্ৰমে ধংসৰ দিশে গতি কৰিছে। তেনেই এক অৱস্থাৰ সৃষ্টি হৈছে পূৱ মালয়বাৰী পানী যোগান আচনিত।

উল্লেখ্যযে বিগত তিনিমাহ মান আগতে অহা ধুমুহাত পানী যোগান আচনিটোৰ পাম্প হাউছৰ ওপৰৰ টিনপাত উৰুৱাই লৈ যায় যদিও আজিলৈ পাম্প হাউচটো মেৰামতি কৰা নহ’ল। যাৰ ফলত পানী উঠাবৰ বাবে ব্যৱহাৰ কৰা পাম্পটো বৰষুণত তিতি থাকিব লগা হৈছে লগতে বিদ্যুতৰ সামগ্ৰীও বৰষুণত তিতি থাকিবলগীয়া হৈছে। যি সম্পূৰ্ণ বিপদ সংকুল হৈ পৰিছে।

উক্ত পাম্প হাউচটো মেৰামতিৰ বাবে বিভাগটোৱে নিৰ্দেশ দিছে যদিও বিভাগটোৰ এজন আশীৰ্বাদপুষ্ট জনক ৰহমান উপাধিৰ মিস্ত্ৰীয়ে নিজ খেয়াল খুচি মতে আজিলৈ পাম্প হাউচটো মেৰামতি নকৰিলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।