ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত ধেমাজিৰ সঞ্জীৱ গোহাঁই

 04/11/2019 - 15:55

ডিজিটেল ডেস্ক: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্র সঞ্জীৱ গোহাঁইয়ে যান্ত্ৰিকতাৰ মাজত থাকিও বহু সময়ত সাহিত্য চৰ্চা কৰি আহিছে। বিভিন্ন আলোচনী তথা কাকতত প্ৰকাশ হোৱা কেইটামান কবিতাৰে ২০১৭ চনৰ ডিচেম্বৰ মাহত পোন প্ৰথমবাৰৰ বাবে নগাঁৱৰ 'ষ্টুডিঅ ৰিজ'লিউচন'য়ে প্ৰকাশ কৰিছিল তেওঁৰ প্ৰথমখন ই-বুক 'ভালপোৱা এনেকৈয়ে'।

শেহতীয়াকৈ, এই ই-বুকখনৰ বাবে তেওঁ 'ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ'ৰ স্বীকৃতি লাভ কৰিছে। অতি কম বয়সতে এক ব্যতিক্ৰমী ৰূপত এখন কবিতা সংকলন প্ৰকাশ কৰা বাবে 'ইয়ং আছামিছ পয়েট' হিচাপে ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টি কৰিছে।

উল্লেখ্য যে, উদীয়মান কবি তথা লেখক সঞ্জীৱ, ধেমাজি জিলাৰ গোহাঁই গাওঁৰ নিবাসী সূৰ্য্য কুমাৰ গোহাঁই আৰু বিনু ৰাজখোৱা গোহাঁইৰ সুসন্তান। এক সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়ে যে, জাতিটোৰ নিজস্ব ৰূপ সাহিত্যই প্ৰকাশ কৰে, পৰিচয় প্ৰদান কৰে, জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি বিশ্বাস কৰে বাবেই অভিযান্ত্ৰিক জীৱনৰ মাজতো তেওঁ সাহিত্য চৰ্চাক সমানে আগবঢ়াই নি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে।

সাহিত্য-চৰ্চা, সমাজ সেৱাৰ লগতে শৈক্ষিক ক্ষেত্ৰটো তেওঁ কৰা বিভিন্ন কাৰ্যৰ বাবে পূৰ্বে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত ভি.কে.ভি-ধেমাজিৰ ২০১২বৰ্ষৰ 'শ্ৰেষ্ঠ ছাত্র' আৰু ৰুলা আন্তৰাষ্ট্ৰীয় বঁটা ২০১৮ৰ 'ডিষ্টিংগুইছ্ত ৰিছাৰ্চাৰ অফ্ দ্য ইয়াৰ' উল্লেখনীয়।

আনহাতে, প্ৰতিভাবান ছাত্র সঞ্জীৱে কিছুদিন পূৰ্বে ঘোষিত সৰ্বভাৰতীয় পৰীক্ষা গেট ২০১৯ ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই খবৰৰ পিছতে এ.ই.চি.ৰ লগতে ধেমাজিবাসী ৰাইজে অভিনন্দন জ্ঞাপন কৰা লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।