04/16/2019 - 14:14
in
উত্তৰ গুৱাহাটী: ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে কামৰূপ জিলাৰ অন্তৰ্গত বেজেৰাত ৰাইজে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে সাতামপুৰুষীয়া পৰম্পৰা। প্ৰতি বছৰৰ দৰে এই বেলিও বেজেৰাবাসীয়ে উদযাপন কৰিলে পাৰবাহ বন্ধা উৎসৱ বা অৰ্জ্জুন দৌল উৎসৱ।
প্ৰাক শংঙ্কৰী কালৰ পৰা প্ৰচলিত হৈ আহিছে এই পৰম্পৰা। বেজেৰাৰ ৰাজপথেৰে কান্ধত সুউচ্চ বাহ লৈ অৰ্জুন গছ অভিমুখে বিশাল ৰেলীৰ আয়োজন কৰা হয়। অসমীয়া বৰ্ষৰ অন্তিম দিনটোত প্ৰতি বছৰে পূজা অৰ্চনা কৰা হয়।
লোকবিশ্বাস অনুযায়ী, পাৰবাহ বন্ধা উৎসৱৰ জৰিয়তে আকাশ আৰু ভূমিৰ সম্বন্ধ গঢ়াৰ লগতে প্ৰকৃতি পুৰুষ আত্মীয়তা গঢ়াৰ এক অনুষ্ঠান। এই উৎসৱৰ পাছতে উৰ্বৰ হৈ পৰা ভূমিত কৃষকে কৃষিকাৰ্য আৰম্ভ কৰে।
ধৰ্মীয় পৰম্পৰা যিয়েই নহওঁক, বেজেৰাৰ সাতামপুৰুষীয়া পৰম্পৰাই ধৰি ৰাখিবলৈ সক্ষম হৈছে ভাঙোনমুখী সমাজখনক।