লখিমপুৰত উলহ মালহেৰে বোকা খেল উদযাপন

 04/16/2019 - 14:58

লখিমপুৰ: পহিলা ব'হাগৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোকা খেল উদযাপন কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্রত পিচ পৰি ৰোৱা নাই লক্ষিমপুৰবাসীও। লখিমপুৰ জিলাৰ 2 নং এজাৰগুৰি গাঁৱৰ শিশু, বোৱাৰী, জীয়ৰী, যুৱক, যুৱতী আৰু বুঢ়া মেথা সকলোৱে বিগত বছৰবোৰৰ দৰে এইবছৰো বোকা খেল খেলি আনন্দ উপভোগ কৰে।

সাতাম পুৰুষীয়া পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখি সকলোৱে বোকাৰে লুটুৰি পুতুৰি হৈ এজনে আনজনক বোকা সানি উদযাপন কৰে বোকা খেল।

উল্লেখযোগ্য যে, এই খেল খেলিলে খৰ খজুৱতি, চালৰ ৰোগৰ পৰা মুক্ত হয় বুলি ৰাইজে বিশ্বাস কৰে।

সেয়ে, বিশ্বাস পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ চেষ্টাৰে এই ধাৰা অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।