পহিলা ব'হাগৰ দিনা ঢোলে ডগৰে মুখৰিত হ'ল এচিয়াৰ প্ৰথম পেভেলিয়ান ৰংঘৰ বাকৰি

 04/16/2019 - 15:35

শিৱসাগৰ: এচিয়াৰ প্ৰথমটো পেভেলিয়ান শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত পহিলা ব'হাগৰ দিনা অনুষ্ঠিত হয় ৰঙালী বিহু সন্মিলন। পৌৰাণিক ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে বিগত আঠটা বছৰে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত কৰি আহিছে মুকলি বিহু।

ৰংপুৰৰ নাচনীয়ে প্ৰাণধালি নাচিলে পাহোৱাল ঢুলীয়াৰ ঢোলৰ চাপৰত। ঢুলিয়াৰ ঢোলৰ চাপৰত আৰু নাচনীৰ নাচোনত প্ৰাণচঞ্চলা হৈ পৰে ৰংঘৰৰ বাকৰি। পুৱা স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা বৃহত্তৰ ৰংঘৰ ৰঙালী সন্মিলনৰ স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়া আৰু সাধাৰণ সম্পাদক বসন্ত গগৈয়ে।

ইয়াৰ পিছতেই ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকি স্বৰ্গদেউক এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰৰ বাকৰিলৈ অনা হয়। এই সাংস্কৃতিক শোভাযাত্রাৰ উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী গংগাপ্ৰসাদ বুঢ়াগোহাঁইয়ে। ৰংঘৰত প্ৰতীকি স্বৰ্গদেউক আসনত বহুওৱাৰ লগে লগে ৰঙালী বিহু সন্মিলনীৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভ হয়।

বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে অসমৰ প্ৰখ্যাত বোলছবি অভিনেতা প্ৰাঞ্জল শইকীয়াই। সাংস্কৃতিক অনুষ্ঠানত হুচৰি পৰিবেশন কৰাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে। তাই আহোম, মিচিং, মেছ কছাৰী নৃত্যই ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে।

ইয়াৰোপৰি, অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবিন, দেৱজিত বড়া, জোন জোনাকে গীত পৰিবেশন কৰাৰ লগতে প্ৰাঞ্জল শইকীয়া, অমৃতা গগৈ, সুনীতা কৌশিক, সুৰভি ফুকন, মাধৱ ৰঞ্জন গগৈৰ লগতে আন বহু শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে।

ঐতিহাসিক ৰংঘৰত অনুষ্ঠিত এই মুকলি বিহু উপভোগ কৰিবলৈ লোকেলোকাৰণ্য হৈ পৰে ৰংঘৰৰ বাকৰি। অসমৰ লগতে ভাৰতবৰ্ষৰ আৰু বিভিন্ন দেশৰ বিদেশী পৰ্যটকে উপভোগ কৰে ৰংঘৰৰ এই ঐতিহাসিক বিহু।

চাওলুঙ চুকাফাৰ সাতৰাজ সামৰি একৰাজ কৰা নীতিকেই অনুসৰণ কৰি পহিলা ব'হাগৰ দিনা অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতি অসমবাসীৰ আগত পৰিবেশন কৰি আহিছে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।