04/20/2019 - 12:47
in
গোৰেশ্বৰ: সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, বাক্সা জিলা সমিতিৰ সাংগঠনিক সম্পাদক চৈয়দ মতিউৰ ৰহমান (মুুন)ক সংগঠনৰ পৰা অব্যাহতি।
কিয়নো, কেন্দ্ৰীয় সমিতিৰ একাংশ নেতাৰ ময়মতালি আৰু এটা বিশেষ ৰাজনৈতিক দলৰ পুতলা স্বৰুপ হৈ পৰাৰ লগতে শেহতীয়াকৈ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই শাসকীয় পক্ষৰ মুকলি সমৰ্থন প্ৰকাশ পোৱাৰ পিছতে অব্যাহতি লোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
লগতে তেওঁ কয় যে, আমি যি উদ্দেশ্য লৈ সংগঠনটোত সোমাইছিলো সেই উদ্দেশ্যেৰ পৰা ফালৰি কাটি যোৱা বুলি নেতাগৰাকীৰ অনুভৱ হোৱাৰ পিছতে সংগঠনৰ পৰা অব্যাহতি লোৱা বুলি ঘোষণা কৰে।