নৰেন্দ্ৰ মোডীৰ দিনত সপোনত ভাৱিব নোৱাৰা কামবোৰ দিঠকত সম্ভৱ হৈছে: হিমন্ত

 04/20/2019 - 14:10

উত্তৰ গুৱাহাটী: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ১৯ তাৰিখে দিনজোৰা মাৰাথান প্ৰচাৰৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭ নং গুৱাহাটী লোকসভাৰ নিৰ্বাচিত প্ৰাৰ্থী কুইন ওজাৰ হকে নিৰ্বাচনী প্ৰচাৰ চলায়৷ শৰ্মাই প্ৰচাৰ চলায় জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ৰংমহলত ৰূদ্ৰেশ্বৰ গাওঁ পঞ্চায়ত, মধ্যমখণ্ড পূজা মণ্ডপৰ খেল পথাৰত।

শেষত চাংসাৰিৰ আঠিয়াবৈ বনমাজাত ধোপাতাৰী গাওঁ পঞ্চায়তত নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হোৱা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰকীক ভোট দি বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

এতিয়ালৈকে নিৰ্বাচন হৈ যোৱা ১০ আসনৰ ৯ খনত বিজেপি দল জয়ী হোৱাটো নিশ্চিত বুলি প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে, ১ খনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব যদিও শেষ হাঁহি বিজেপিয়ে মাৰিব বুলি তেওঁ আশা কৰে। নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে, যিবোৰ কাম ভাৰতীয় মানুহে সপোনতো ভাবিব নোৱাৰিছিল সেইবোৰ মোডীৰ দিনত দিঠকত পৰিণত হৈছে।

মোডীৰ দিনত জালুকবাৰী সমষ্টিৰ ৰাইজে শৰাইঘাটৰ নতুন দলং, এইমছ্, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ দলং, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, পকা টইলেট আদিৰ লগতে ৰাইজে অতি কম মূল্যত অত্যাৱশ্যকীয় সামগ্ৰী চেনী, চাউল ইত্যাদি পোৱাৰ ব্যৱস্থা হৈছে।

গুৱাহাটী লোকসভা সমষ্টি অতি সন্মানীয় গুৰুত্বপূৰ্ণ সমষ্টি। শেষত অসম আন্দোলনত সক্ৰিয় ভূমিকা লোৱা নেতৃ তথা গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুইন ওজাক ভোট দি জয়যুক্ত কৰিবৰ বাবে সমষ্টিবাসীক আহ্বান জনায় শৰ্মাই।

২০ এপ্ৰিলত কুইন ওজাৰ সমৰ্থনত মন্ত্ৰীগৰাকীয়ে সোনাৰাম হাইস্কুল পৰা হায়াট হস্পিতাললৈ এক ৰ'ড শ্ব'ত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।