আমিন গাঁও ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ যান-জঁট

 04/24/2019 - 17:57

উত্তৰ গুৱাহাটীঃ নিৰ্বাচনৰ পিছতে তীব্ৰ যান-জঁটৰ বাবে সৰ্বসাধাৰণে খাইছে জলাকলা। নিৰ্বাচন বুলি এপষেক আগৰে পৰা বাহন অধিগ্ৰহণৰ বাবে চৰকাৰী বা বেচৰকাৰী ৰাজহুৱা পৰিবহন যোগে অহা-যোৱা কৰা সকলৰ যেন এতিয়াও অন্ত হোৱা নাই দুৰ্দশা। এফালে প্ৰচণ্ড গৰম আনফালে আজি পুৱাৰে পৰা আমিনগাঁও ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ যান-জঁট।

শৰাইঘাট দলঙৰ পৰা চাংসাৰীলৈ যোৱা পথছোৱা ঠাহ খাই পৰে সৰু-বৰ বাহনৰে। ক’লৈকো যাব নোৱাৰা অৱস্থা পথত আৱদ্ধ বাহনৰ বাবে। নিৰ্বাচনত বন্ধ হৈ পৰা বাহন একে সময়তে পথলৈ ওলাই অহাত নিয়ন্ত্ৰণহীন হৈ তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। যান-বাহন আৰক্ষীৰ অপৰিপক্কতাৰ বাবে এই যান-জঁট বুলি ব্যক্ত কৰিছে একাংশই।

আমিনগাঁৱত যান-জঁটৰ অন্য এক মুখ্য কাৰক ৱান ৱে শৰাইঘাট দলং। পুৰণি দলং মেৰামতি আৰু প্ৰয়োজনাধিক গাড়ী মহানগৰীত প্ৰবেশৰ বাবেই এই যান-জঁটৰ সৃষ্টি হোৱা বুলি মত ব্যক্ত কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।