শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ মন্থৰ গতিঃ বৄদ্ধি পাইছে পথ দুৰ্ঘটনা, তীব্ৰ যান-জঁট

 04/26/2019 - 13:51

গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ পিছত আজি চতুৰ্থ দিনাও সৃষ্টি হোৱা শৰাইঘাট দলঙৰ যান জঁটে ত্ৰাহি মধুসূদন সোঁৱৰালে সাধাৰণ যাত্ৰীক। শৰাইঘাট দলঙত সৃষ্টি হোৱা এই যান জঁটৰ মূল কাৰণটো যদিও পুৰণি শৰাইঘাট দলঙৰ পুনৰ নিৰ্মাণ তথাপিও নিৰ্বাচন সমাপ্তিৰ পিছত নিৰ্বাচনত অধিগ্ৰহণ কৰা বাহন সমূহ এইকেইদিনত নিজৰ ঠাইত উভতি অহাটো এক কাৰণ হৈ পৰিছে।

বিগত এমাহ ধৰি দলঙখনৰ পুনৰ নিৰ্মাণ ৰেলৱে বিভাগ তত্বাৱধানত অতি লেহেমীয়া গতিত অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলঙখনেৰেই আহ যাহ কৰিব লগা হৈছে দৈনিক হাজাৰ হাজাৰ যান-বাহন। যাৰ ফলত এই যান-জঁট আৰু অধিক বৃহৎ হৈ পৰিছে। পুৰণি দলং খনৰ এতিয়ালৈ ২০% সম্পূৰ্ণ নোহোৱালৈ চাই এই পুনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হওঁতে ছয় মাহৰ অধিক সময়ৰ প্ৰয়োজন হ’ব ।

আনহাতে নতুন দলংখনতো বৰষুণত পানী জমা হোৱা পৰিলক্ষিত হৈছে।কামৰূপ জিলাত অবিশ্বাস্য হাৰত দুৰ্ঘটনাজনিত মৃত্যুৰ এটা কাৰক তীব্ৰ যান-জঁট। উল্লেখ্য যে, ১৯৬২ চনতে নিৰ্মাণ কৰা ৰে’লপথযুক্ত পুৰণি শৰাইঘাটৰ দলঙখনৰ অৱস্থা বৰ্তমান তথৈৱচ। দৈনিক হাজাৰ হাজাৰ যান বাহনৰ ভৰ সহিও বিগত প্ৰায় ৬ দশক ধৰি সদম্ভৰে থিয় হৈ থকা এই দলঙখনৰ মাজে মাজে সৃষ্টি হৈছিল প্ৰকাণ্ড গাঁতৰ।

যাৰ বাবে দুৰ্ঘটনাৰ আশংকাৰে অধিক তৎপৰতাৰে আৰম্ভ কৰা হৈছে দলঙখনৰ পুনৰ নিৰ্মাণৰ কাম। কিন্তু যোৱা প্ৰায় এমাহ কালে পুনৰ নিৰ্মাণ কাৰ্য চলাই থাকিলেও এতিয়াও দলঙখন যাতায়তৰ বাবে সুচল হ’বলৈ বহু কাম বাকী আছে বুলি ঘোষণা কৰিছে কৰ্তৃপক্ষই। যাৰ বাবে এতিয়া ব্ৰহ্মপুত্ৰৰ দুই পাৰ সংলগ্ন কৰা আনখন শৰাইঘাটৰ দলঙেৰে হাজাৰ হাজাৰ যান-বাহন আহ যাহৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান জঁটৰ।

এই যান জঁট এতিয়া প্ৰশাসনৰ নিয়ন্ত্ৰণৰো বাহিৰত হোৱা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিতে বৰপেটা, ধুবুৰী সমষ্টিৰ লগতে গুৱাহাটী সমষ্টিৰ অন্তৰ্গত চাংসাৰী, আমিনগাঁও আদি অঞ্চলৰ লোকসকলে মহানগৰীৰ কৰ্মক্ষেত্ৰলৈ উভতাৰ পথত অসুবিধাৰ সন্মুখীন হৈছে।

আজি পুৱাৰে পৰা দলঙখনৰ দুয়োটা পাৰে সৃষ্টি হোৱা তীব্ৰ যান জঁটত পুৱা ৯ বজাত কৰ্মক্ষেত্ৰত উপস্থিত হোৱাৰ পৰিকল্পনাৰে ঘৰৰ পৰা ওলাই অহা হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰা দেখা পোৱা গৈছে । ইয়াৰ মাজতে বহু যাত্ৰীয়ে এই বৃহৎ যান জঁটৰ বাবে জ্বলাকলা খাই ত্ৰাহি মধুসূদন সোঁৱৰণ কৰিব লগা অৱস্থাতো পৰিল।

এই যান জঁটত মেডিকেল অভিমুখে আহি থকা কেইবাজনো ৰোগীৰ অৱস্থা কাহিল হৈ পৰে। এনে নানা অসুবিধাত পৰি বিভিন্ন যান বাহনৰ সাধাৰণ যাত্ৰীয়ে এইকেইদিন কোনোবাই গুৱাহাটীত আহিব বিচাৰিলে দহ বাৰ ভাবিব লাগিব বুলি ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে চৰকাৰ, প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক শৰাইঘাটৰ পুৰণি দলংখনৰ পুনৰ মেৰামতিৰ কামকাজ ক্ষীপ্ৰতাৰে সম্পন্ন কৰি ৰাইজক এই ভয়ানক যান জঁটৰ হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।