গুৱাহাটীঃ বন্ধ হ’ব নেকি বি এছ এন এল সেৱা? এই লৈ বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশ জুৰি চলা চৰ্চাৰ পিছতে ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বি এছ এন এলৰ অসম চাৰ্ক’লৰ চি জি এম সন্দীপ গোভিলৰে বি এছ এন এল সেৱা বন্ধ হোৱাক লৈ প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি মন্তব্য কৰে।
বি এছ এনে এলৰ সেৱা বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত কোনো প্ৰস্তাৱ নাই বুলি স্পষ্ট কৰি সন্দীপ গোভিলৰে কয় যে অচিৰেই অসমতো বি এছ এন এলে ৪জি সেৱা আগবঢ়াব। উন্নত নেটৱৰ্ক আৰু বাফাৰিঙৰে অসমত ৪জি সেৱা প্ৰচলনৰ বাবে ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে বুলিও জানিবলৈ দিয়ে চি জি এম গৰাকীয়ে।
আনফালে পূৰ্বৰ তুলনাত বৰ্তমানে বি এছ এন এলৰ গ্ৰাহকক সংখ্যা ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, বৰ্তমান সময়তো বি এছ এন এলৰ অফাৰ আৰু নেটৱৰ্কৰ বাবে গ্ৰাহকে বি এছ এন এল সেৱা গ্ৰহণ কৰিবৰ বাবে আগ্ৰহী হৈ আছে। লগতে বৰ্তমান সময়ত জিঅ’ই বি এছ এন এলৰ প্ৰথম প্ৰতিদ্বন্দি বুলি মন্তব্য কৰে সন্দীপ গোভিলৰে। তেওঁ কয় যে অসমত বৰ্তমান সৰ্বাধিক গ্ৰাহকৰ সংখ্যা থকা নেটৱৰ্ক অপাৰেটৰ হিচাপে জিঅ’ৰ পিছতে বি এছ এন এলৰ স্থান।
উল্লেখ্য যে, বি এছ এন এল হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এটা চৰকাৰী নেটৱৰ্ক অপাৰেটৰ। ২০০০ চনৰ ১৫ চেপ্তেম্বৰত ভাৰত চৰকাৰৰ অধীনস্থ হোৱা অপাৰেটৰটোৰ বৰ্তমান চি ই অ’ হৈছে অনুপম শ্ৰীবাস্তৱ। গোটেই দেশত বি এছ এন এলৰ মুঠ ১৩.৭৮৯ মিলিয়ন গ্ৰাহক আছে