বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ মুকলি বিহু সম্পন্ন

 04/29/2019 - 13:15

গুৱাহাটীঃ বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ উদ্যোগত ২৮ এপ্ৰিল তাৰিখে দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু উদযাপন কৰা হয়।

উত্তৰ গুৱাহাটী ৰংমহলৰ লক্ষ্যধৰ চৌধুৰী স্মাৰক ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত হৈ যোৱা মুকলি বিহুখনিৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ সভাপতি মোহন শইকীয়াই। বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱীয়ে।

মৃনালিনী দেৱীয়ে তেওঁৰ চমু বক্তব্যত কয় যে কৰ্মসংস্কৃতি আৰু সংস্কৃতি কৃষ্টি মিশ্ৰণৰে এটা জাতি আগুৱাই যাব পাৰে। বিহুৰ লগত সংগতি ৰাখি বৃক্ষৰোপন কাৰ্যসূচীত ভাগ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়া, জিলা পৰিষদৰ সদস্য নয়নমণি বড়া আৰু সমাজকৰ্মী সংবাদদাতা মুকুটেশ্বৰ গোস্বামীয়ে।

নৰ ১১ বজাত মুকলি বিহুৰ মঞ্চ মুকলি কৰে বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ সম্পাদক উৎপল চৌধুৰীয়ে।উত্তৰ গুৱাহাটীৰ ৰংমহলস্থিত লক্ষ্যধৰ চৌধুৰী স্মাৰক ৰাজহুৱা প্ৰেক্ষাগৃহৰ বাকৰিত প্ৰতিকূল বতৰৰ স্বত্বেও আমন্ত্ৰিত আৰু স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানে ৰাইজক আপ্লুত কৰি তোলে।

উত্তৰ গুৱাহাটীবাসী ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিতিৰে অনুষ্ঠানটি সফল কৰি তোলা বাবে বৃহত্তৰ উত্তৰ গুৱাহাটী সাংস্কৃতিক মঞ্চৰ সহ সম্পাদিকা মুন দাসে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।