ৰঙিয়াত তীৰখেলৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

 04/30/2019 - 19:58

ৰঙিয়াঃ ৰঙিয়াত সৰ্বনাশী তীৰখেল বন্ধ কৰাৰ দাবীত স্বেচ্ছাসেৱী অনুষ্ঠান গৰীৱ নন্দন জনকল্যাণ সমিতিৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়৷

সংকল্প ওৱেলফেয়াৰ এছোচিয়েছন আৰু প্ৰতিক্ষা ওৱেলফেয়াৰ এছোচিয়েছন নামৰ স্বেচ্ছাসেৱী সংগঠন দুটায়েও এই সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

জনকল্যাণ সমিতিৰ কৰ্মকৰ্তা বিপুল কলিতাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে তীৰখেল বন্ধ কৰক, তীৰ মাফিয়া হুচিয়াৰ, তীৰ মাফিয়াৰ লগত গোপন বুজাপৰা নচলিব আদি ধ্বনি দিয়ে আৰু চহৰখনৰ পৰিৱেশ মুখৰিত কৰি তোলে ৷

প্ৰণিধানযোগ্য যে ৰঙিয়া চহৰত এটা বিশেষ চক্ৰই দীৰ্ঘদিন ধৰি মুকলিকৈ তীৰ খেলৰ বেহা চলাই আছে যদিও এই সন্দৰ্ভত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ ৰঙিয়া চহৰৰ বিভিন্ন প্ৰান্তৰ উপৰি গ্ৰামাঞ্চলসমূহতো এজেণ্টসকলে মুকলিকৈ তীৰখেলৰ টিকট বিক্ৰী কৰি থকাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷

আজিৰ প্ৰতিবাদী সমদলৰ জৰিয়তে স্বেচ্ছাসেৱী সংগঠনকেইটাই ৰঙিয়াত তীৰ খেলৰ চক্ৰটোক পুলিয়ে পোখাই উৎখাট কৰিবলৈ দাবী জনোৱাৰ লগতে এই মাৰাত্মক খেলবিধৰ নায়কসকলক কৰায়ত্ত কৰি আইনৰ কাঠগড়াত থিয় কৰাবলৈ দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।