04/30/2019 - 20:27
in
লখিমপুৰঃ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ আৰু সাংবাদিক পৰিষদ অসম লখিমপুৰ জিলা সমিতিৰ সহযোগিতাত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আজি সাংবাদিকসকলে ৰূপায়ণ কৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী।
সাংবাদিকসকলক নিৰাপত্তা প্ৰদান আৰু ধাৰাবাহিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত দোষী ব্যক্তিক উচিত শাস্তি প্ৰদানৰ দাবীত বৰষুণকো নেওচি সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ।