05/01/2019 - 14:22
in
লখিমপুৰঃ লখিমপুৰ-ধেমাজিবাসীক অন্ধকাৰত ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত চলিছে দ্ৰুত গতিত কাম। এনএইছপিচিৰ বিৰুদ্ধে পুনৰ উত্তৰ অসমত আৰম্ভ হৈছে প্ৰতিবাদ।
লখিমপুৰ চহৰৰ খেলমাটীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে কৰিছে উত্তাল প্ৰতিবাদ।
এনএইছপিচিয়ে বলপূৰ্বক ভাবে গোপনে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য চলাই থকাৰ বিৰুদ্ধে আৰু কেন্দ্ৰীয় চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে এজেৱাইচিপি উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এনএইছপিচিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।