টাৰ্গেট ১৫ মে': ক'ৰণা আক্ৰান্ত ৬৫ হাজাৰ হ'লে মহাসংকট হ'ব ভাৰতত

 05/07/2020 - 15:35

উৎপল কুমাৰ কলিতা: এফালে থৰক-বৰক অৰ্থনীতিত আক্ৰান্ত ভাৰতত অৰ্থনীতি সুস্হিৰতাৰ বাবে লকডাউন শিথিল, ব্যাপক লকডাউন ভংগৰ প্ৰতিযোগিতা আনফালে প্ৰকট হৈ পৰিছে ভাৰতৰ ক'ৰণা সংকট। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ টাৰ্গেট হৈ পৰিছে ১৫ মে'। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ১৫ মে'ৰ ভিতৰত যদি ভাৰতত ক'ভিড নাইটিন আক্ৰান্তৰ সংখ্যা ৬৫ হাজাৰ পাৰ নহয় তেন্তে ভাৰতত ক'ৰণা নিয়ন্ত্ৰণলৈ অহা বুলি ভাবিব পৰা যাব।

কিন্তু যদি আক্ৰান্ত ৬৫ হাজাৰ পাৰ হয় পৰিস্হিতি ভয়াবহ হব আৰু ১৫ আগষ্টৰ ভিতৰত ভাৰতত কোটিৰ সংখ্যা পাৰ হব আক্ৰান্তৰ সংখ্যা। কিন্তু যোৱা চাৰিটা দিনত ভয়াবহ হৈ পৰিছে ভাৰতৰ পৰিস্হিতি। বুধবাৰে দুপৰীয়া ১১ বজাৰ পৰা বৃহস্পতিবাৰে দুপৰীয়া ১১ বজালৈ আক্ৰান্তৰ সংখ্যা হ'ল ৩৫৬১ জন। যিটো এতিয়ালৈ সৰ্বাধিক। বিগত চাৰিদিনত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰো বেছি। ভাৰতত মুঠ আক্ৰান্ত বাতৰি যুগুতোৱা পৰলৈ ৫৩০৪৫ জন। অৰ্থাৎ আৰু ৭ দিনত যদি ১২ হাজাৰ লোক আক্ৰান্ত হয় ভাৰতত ক'ৰণা  আক্ৰান্তৰ সংখ্যা ১৫ মে'ত ৬৫ হাজাৰ অতিক্ৰম কৰিব।

কিন্তু বৰ্তমানৰ বিগত এটা সপ্তাহৰ হিচাপত সংক্ৰম আগবাঢ়িলে ভাৰতত ১৫ মে'ৰ ভিতৰত আক্ৰান্ত ৭০ হাজাৰ পাৰ হ'ব। অৰ্থাৎ ভাৰতৰ সন্মুখত দেখা দিছে ভয়ংকৰ বিপদৰ।ডাঙৰ কথা দেশত আক্ৰান্ত হৈছে ৫০ গৰাকী চিকিৎসক ২৪৭ গৰাকী নাৰ্ছসহ ৫৪৮ জন চিকিৎসাৰ লগত জড়িত ব্যক্তি। এনে অৱস্বাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ধাৰনা সত্য হ'লে ভাৰতৰ বাবে আহি আছে ভয়ংকৰ বিপদ। ১৫ আগষ্টৰ আগতে কোনো পধ্যে সম্ভৱ নহয় ক'ৰণাৰ ভেকচিন বা নিৰ্দিষ্ট চিকিৎসা।

কিন্তু তাৰ পাছতো চেতনাহীন মানুহ। সন্মুখত ভয়ংকৰ বিপদ জানিও উলংঘা কৰিছে লকডাউন। উলংঘা সৰ্বত্ৰ সামাজিক দূৰত্ব ৰক্ষাৰ শ্ল'গান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।