ক'ৰণা কালৰ ভাৰতৰ সৰ্ববৃহৎ ট্ৰেজেডি: ৰে'লৰ আগত পৰি মৃত্যু ঘটিল ১৫ প্ৰব্ৰজিত শ্ৰমিকৰ

 05/08/2020 - 18:23

উৎপল কুমাৰ কলিতা: ক'ৰণা কালৰ ভাৰতৰ সৰ্ববৃহৎ ট্ৰেজেডি। ঘৰলৈ বুলি শ শ কিলোমিটাৰ খোজকাঢ়ি ক্লান্ত হৈ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ কৰু মৃত্যু। এজন দুজন নহয় ১৫ জন শ্ৰমিকে একেলগে হেৰুৱালে প্ৰা। উল্লেখযোগ্য লকডাউনৰ আৰম্ভণীৰ দিনাৰ পৰাই সৰ্বাধিক ভয়ংকৰ হৈ পৰে দেশৰ প্ৰব্ৰজিত শ্ৰমিক সকলৰ অৱস্হা। এখন ৰাজ্যৰ পৰা গৈ আন এখন ৰাজ্যত কাম কৰা শ্ৰমিক সকলে কাম হেৰুৱাই বাসস্হান আৰু খাদ্যৰ সংকটত পৰি ধাপলি মেলে নিজ ৰাজ্যলৈ। বহুতে শ শ কিলোমিটাৰ খোজকাঢ়ে ঘৰলৈ। এই প্ৰক্ৰিয়া শেষ হোৱা নাই।

এতিয়াও বহুতো শ্ৰমিকে খোজকাঢ়ি আছে ঘৰলৈ। এইদৰে মধ্যপ্ৰদেশৰ নিজ ঘৰলৈ ৰে'ল আলিয়েদি বাট পোনাই লাইনৰ ট্ৰেকত ধৰি খোজকাঢ়ি গৈ আছিল। তেওঁলোকে ইতিমধ্যে তিনিশ কিলোমিটাৰৰ অধিক খোজকাঢ়ি আহিছিল। ভাগৰ ভোকত জুৰুলা হৈ পৰিছিল শৰীৰ আৰু মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ পোৱা শ্ৰমিক সকলে ৰে'ল লাইনৰ ট্ৰেকটে শুই দিছিল। তেওঁ লোকৰ ধাৰনা আছিল ট্ৰেইন বন্ধ যেতিয়া নিশ্চিত নিৰাপদ ৰে'ল লাইন।

কিন্তু নহ'ল পুৱতি নিশা তেওঁ লোকৰ ক্লান্ত দেহ টোপনিত লালকাল হৈ পৰি থাকোতে গাৰ ওপৰেৰে পাৰ হৈ গ'ল এখন মালবাৰী ৰে'ল। থিতাতে নিহত হ'ল ১৫জন শ্ৰমিক। চাৰি জনে যুঁজি আছে জীৱন মৃত্যুৰে। ইয়াকেলৈ দেশত লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ উভতা শ্ৰমিকৰ অকাল মৃত্যুৰ সংখ্যা হ'ল ৯৮ জন। ক'ৰণা কালৰ এয়া এক নিৰ্মম ঘটনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।