ক'ৰণা যুঁজত জিকি জিকি হাৰিব নেকি অসম: দুৰ্বল হৈ থাকিল অসমৰ যুঁজ,সৰ্বত্রে সুৰুঙা

 05/10/2020 - 14:30

উৎপল কুমাৰ কলিতা: বিগত পাঁচদিনৰ ঘটনাপ্ৰবাহৰ আৰু সৰ্বত্ৰ কিছু প্ৰশ্ন। ক'ৰণা যুঁজত সৰ্বত্ৰ দুৰ্বলতা, সৰ্বত্ৰ সুৰুঙা। প্ৰথমতে আহিছে গুৱাহাটীৰ মৃত কিশোৰী দিপীকা নাথৰ কথা। ৰোগাক্ৰান্ত দিপীকাক চাৰিবাৰকৈ নিয়া হৈছিল চিকিৎসালয়লৈ। বিৰুবাৰী, বেলতলাৰ ISEC চিকিৎসালয়লৈ নিয়া হৈছিল দিপীকাক। দেহত আছিল ক'ৰণাক সকলো লক্ষণ। কিন্তু তথাপি নহ'ল ক'ৰণা পৰীক্ষা। ইয়ে প্ৰমা কৰে অসমৰ বিহু চিকিৎসক, চিকিৎসালয় ক'ৰণা সম্পৰ্কে অজ্ঞতা কিম্বা গুৰুত্বহীনতা। ইয়াৰ পাছত আহো শিলচৰৰ ক'ৰণা বাছ খনলৈ।

এখন বাছ আহিছিল উৰিষ্যাৰ পৰা। ক'ৰণাৰ সময়ৰ সামাজিক দূৰত্ব নীতি নিয়ম ভাঙি বাছখনত আহিছিল উৰিষ্যাত আৱদ্ধ ৪৩জন অসমৰ ধৰ্ম যাত্ৰী। অসমৰ শ্ৰীৰামপুৰ তালাচী চকীৰ পৰা সৰুসজাই কোৱাৰেণ্টাইন চেন্টাৰৰ পৰা মেঘালয় হৈ শিলচৰ পালে পা জপাদি নিয়মবৰ্হিভূত ভাবে যাত্ৰী কঢ়িয়াই নিয়া বাছখন। শিলচৰ পোৱাৰ পিছতো যাত্ৰী সকলক কৰা হ'ল হোম কোৱাৰেণ্টাইন। ১০ জনৰ ক'ৰণা পচিটিভ অহাৰ পাছতহে চেতনা আহিল স্বাস্থ্য বিভাগ, পৰিবহন বিভাগ, প্ৰশাসনৰ।

গুৱাহাটীৰ দুগৰাকী অধ্যয়নৰত চিকিৎসক ক'ৰণা আক্ৰান্ত হ'ল দুয়োজন আছিল চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্ক্ৰেনিং চেন্টাৰত কৰ্মৰত আছিল। কিন্তু তেওঁলোকক দিয়া নাছিল যাবতীয় পিপিই কিট সুৰক্ষা বস্ত্ৰ।

আনহাতে কৰ্তব্যৰ শেষত তেওঁলোকক সুকীয়া কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে কোৱাৰেণ্টাইন কৰিছিল ছাত্ৰাবাস, ছাত্ৰী নিবাসত। একেদৰে শ্ৰীৰামপুৰ হৈ অবৈধভাবে যোৰহাট পালে মুম্বাইৰ পৰা চাৰি যাত্ৰী লৈ অহা এম্বুলেঞ্চ। তাৰে দুগৰাকী ক'ৰণা আক্ৰান্ত হ'ল। ইফালে আক্ৰান্ত চালকে যাত্ৰী থৈ গৈ পালে কোচবিহাৰ। কিন্তু কিয় এটাৰ পাছত এটা সুৰুঙা প্ৰকট হৈছে অসমৰ ক'ৰণা যুঁজৰ।

ব্যৰ্থ হব নেকি এনে সুৰুঙা বোৰৰ বাবে ক'ৰণা যুঁজ। জিকি জিকি হাৰি যাব নেকি অসম। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।