আই আই টি গুৱাহাটীৰ ভয়াবহ তথ্য: এমাহত হ'ব পাৰে চাৰে পাঁচ লাখ আক্ৰান্ত

 05/11/2020 - 15:23

উৎপল কুমাৰ কলিতা: চীন, আমেৰিকা, স্পেইন আদি দেশত ক'ৰণাৰ সংক্ৰম দেখি শিহৰিত হৈছিলো আমি। কিন্তু ভাৰতে অতিক্ৰম কৰিব এনে কেবাখনো দেশৰ অভিলেখ। এইবাৰ আইআইটি গুৱাহাটীৰ বিশেষ সমীক্ষাৰ ভয়াবহ তথ্য। অহা ৩০ দিনত ভাৰতত আক্ৰান্তৰ সংখ্যা হ'ব পাৰে চাৰে পাঁচ লাখ। আইআইটি গুৱাহাটী আৰু চিংগাপুৰ ডিউক এনয়ুএছ মেডিকেল স্কুলে ল'জিষ্টিক পদ্ধতিৰে এক অধ্যয়ন চলাই এই তথ্য প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁলোকে বিভিন্ন দৃষ্টিকো পৰ্যবেক্ষণ কৰে। ইফালে ৰবিবাৰৰ দিনৰ ১১ বজাৰ পৰা সোমবাৰে দিনৰ ১১ বজালৈ ভাৰতত ক'ভিড নাইটিন আক্ৰান্ত হয় ৪২১৩ গৰাকী।

প্ৰথমবাৰলৈ ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা ৪ হাজাৰৰ ঘৰ পালে। ভাৰতত মুঠ ক'ৰণা পজিটিভৰ সংখ্যা ৬৭ হাজাৰ শ ৮৯ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে ১৫ মে'ত আক্ৰান্ত ৬৫ হ'লে ক'ৰণা নিয়ন্ত্ৰণৰ ভিতৰত বুলি ভাবিব পৰা যাব বুলি কৈছিল যদিও পাঁচ দিন পূৰ্বে সেই সংখ্যা পাৰ হ'ল। অৰ্থাৎ ভাৰতত ক'ৰণা এতিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ। ইফালে এইমছৰ পৰাও জুন, জুলাইত ভাৰতত ক'ৰণাই ভয়াবহ ৰূপ লব বুলি ঘোষণা কৰিছে।

এনে পৰিবেশত ভাৰতত আৰম্ভ হ'ল আন্তঃৰাজ্যিক আহ-যাহ। ইফালে স্বাস্থ্য মন্ত্ৰালয়ে পৰিবেশৰ ভয়াবহতা উপলব্ধি কৰি লক্ষবিহীন আক্ৰান্ত সকলক ঘৰত চিকিৎসা কৰা, পৰীক্ষা কীটৰ ব্যৱহাৰ মিতব্যয়ীতা অনা, কম অসুস্হ সকলক যিমান পাৰি সোনকালে চিকিৎসালয়ৰ পৰা আদি ব্যৱস্হা লৈছে। এতিয়া সময় সামাজিক দূৰত্ব ৰক্ষা কৰা আৰু যিমান পাৰি আৱদ্ধ থকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।