আজি শুভ্ৰ পোছাকৰ সেনানী ভগ্নীসকলৰ দিন: বিশ্ব মহামাৰীৰ সময়ত থকা সময়তে আজি বিশ্ব ধাত্ৰী দিৱস

 05/12/2020 - 16:21

উৎপল কুমাৰ কলিতা: তেওঁলোক দুৰ্গতৰ বাবে দেৱী। তেওঁলোক মানব সেৱাৰ দেৱদূত। আজি তেওঁলোকৰ দিন। আজি বিশ্ব ধাত্ৰী দিৱস। ইংলেণ্ডৰ মহিয়সী ফ্ল'ৰেন্স নাইটিংগেলৰ জন্মদিনটোক তেখেতৰ সন্মানাৰ্থে ধাত্ৰীসকলে চিকিৎসাক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে এই দিৱস পালন কৰা হয়। ইটালিত জন্মগ্ৰহণ কৰা অভিজাত বৃটিছ পৰিয়ালৰ জীয়ৰী নাইটিংগেলে ৰোগীসকলক নি:স্বাৰ্থভাৱে সেৱা আগবঢ়াই গৈছিল। ফ্ল'ৰেন্স আধুনিক নাৰ্ছিং সেৱাৰ বাটকটীয়া। মানুহৰ বাবে সেৱা কৰাৰ ক্ষেত্ৰত সদায়ে প্ৰথম শাৰীত থাকে। তেওঁলোক দুৰ্গত জনৰ সহায়, সাৰথি। সকলোৰে ভগ্নী তেওঁলোক। কি দিন কি নিশা কি মহামাৰী কি দুৰ্ঘটনা প্ৰতিটো সময়ত মানুহৰ সেৱাৰ বাবে সাজু তেওঁলোক।

এইবাৰ বিশ্ব মহামাৰীৰ কবলত ককবকাই থকাৰ সময়তে বিশ্বই পালন কৰিছে বিশ্ব ধাত্ৰী দিৱস। এই মহামাৰীৰ সময়ত প্ৰথম শাৰীত মাৰাত্মক ক'ৰণা ৰোগীৰ সংস্পৰ্শত থাকি সেৱা কৰি আছে শুভ্ৰ পোছাকৰ ভগ্নী সকলে। সংকটৰ সময়ত পৰিয়ালৰ পৰা তৰত নিজৰ জীৱনক তুচ্ছ কৰি সেৱা কৰিছে তেওঁলোকে। নাই খোৱা, লোৱা সময়। ১২ ঘন্টালৈ পানী এটুপি নোখোৱাকৈ, এবাৰ প্ৰসাবগাৰত নোযোৱাকৈ তেওঁলোক ব্যস্ত হ'ব লাগে সেৱাত।

ইতিমধ্যে ক'ৰণা মহামাৰীত বিশ্বত ৭৮গৰাকী নাৰ্চে জীৱন দিব লগা হৈছে ক'ৰণাত আক্ৰান্ত হৈ। ভাৰতত আক্ৰান্ত হৈছে ক'ৰণা চিকিৎসা কেন্দ্ৰত কাম কৰা ১৩২ গৰাকী মানব সেৱাৰ সেনানী নাৰ্ছ। কিন্তু কোনো এগৰাকী নাৰ্চে সেৱাৰ বাবে ভয় কৰা নাই থমকি ৰোৱা নাই। কৰি গৈছে ক'ৰণা বিৰোধী যুঁজৰ প্ৰথম শাৰীৰ সেনানী হিচাপে।

ধন্য ধন্য হে শুভ্ৰ পোছাকৰ সেনানী ভগ্নী সকল। তোমালোক আমাৰ বাবে আজিৰ দিনত একো একো গৰাকী মানৱতাৰ দেৱী। আজি দুঃসময়ৰ মাজত অহা বিশ্ব ধাত্ৰী দিৱসত আপোনালোকলৈ জনালো কোটি কোটি চালাম। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।