আইনী যুঁজত পৰাস্ত আইনমন্ত্ৰী: মোডীৰ ৰাজ্যত বিজেপিৰ আইনমন্ত্ৰীৰ নিৰ্বাচনী জয় আছিল অবৈধ

 05/12/2020 - 18:29

উৎপল কুমাৰ কলিতা: নৰেন্দ্ৰ মোডী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত বিজেপিৰ মন্ত্ৰীয়ে অবৈধ উপায়েৰে জিকিছিল নিৰ্বাচন। ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ'ল স্বৰূপ। আইনী যুঁজত দেশত প্ৰথমবাৰলৈ পৰাস্ত হ'ল এজন আইনমন্ত্ৰী। অবৈধ প্ৰক্ৰিয়াৰে নিৰ্বাচনত জয়লাভ কৰি হৈছিল মন্ত্ৰীজনে। মঙ্গলবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়যোগে গুজৰাট বিজেপিৰ নৰেন্দ্ৰ মোডী অমিত শ্বাহৰ ঘনিষ্ঠ মন্ত্ৰীৰ নিৰ্বাচনী জয় অবৈধ ঘোষণা কৰি খাৰিজ কৰিলে নিৰ্বাচনী জয়।

উল্লেখযোগ্য যে গুজৰাটত ঢোলকা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ভূপেন্দ্ৰ সিং সুদস্মাই ২০১৭ৰ গুজৰাট বিধানসভা নিৰ্বাচনত মাত্ৰ ৩২৭টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী অশ্বিন ৰাথোৰক। সেই জয়ৰ পিছত গুজৰাটৰ বিজেপি চৰকাৰৰ মন্ত্ৰী সভাত আইন, শিক্ষাৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰে নৰেন্দ্ৰ মোডী অমিত শ্বাহৰ ঘনিষ্ঠ বিজেপি নেতা ভূপেন্দ্ৰ সিঙে। ইয়াৰ পাছতে কংগ্ৰেছ প্ৰাৰ্থী অশ্বিন ৰাথোৰক গুজৰাট উচ্চ ন্যয়লয়ক আবেদন দাখিল কৰি নিৰ্বাচনৰ ভোট গনাত ব্যপক অনিয়ম চলা আৰু ৪২৯টা বেলট ভোটত গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে। আৰু তিনি বছৰ ধৰি গুজৰাট উচ্চ ন্যায়ালয়ে গোচৰটো শুনানী লোৱাৰ পাছত মঙ্গলবাৰে ঐতিহাসিক ৰায় যোগে গুজৰাট বিধানসভা নিৰ্বাচন ২০১৭ৰ ঢোলকা বিধানসভা সমষ্টিত বিজেপিৰ ভূপেন্দ্ৰ সিঙৰ জয় অবৈধ ঘোষণা কৰি সেই ফলাফল বাতিল কৰে।

গুজৰাট প্ৰদেশ কংগ্ৰেছে এই ৰায়ক আদৰণি জনোৱাৰ বিপৰীতে বিজেপিৰ বাবে এয়া এক মোক্ষম আঘাট হিচাপে চিহ্নিত হৈছে। মোডী অমিত শ্বাহৰ ৰাজ্যত বিজেপিৰ এনে জালিয়াতি লৈ উঠিছে বহু প্ৰশ্ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।