দেশত ৩০বছৰৰ তলৰ ২ কোটি ৭০ লাখে হেৰুৱালে কৰ্মসংস্থান: নিয়োগকৰ্তাক নাকী লগোৱাত ব্যৰ্থ চৰকাৰ

 05/13/2020 - 13:09

উৎপল কুমাৰ কলিতা: দৈনিক হাজিৰা কৰা অসংগঠিত শ্ৰমিক সকলক বাদ দিও দেশত ভয়াবহ হাৰত কাম হেৰুৱাইছে ৩০ বছৰৰ তলৰ যুৱক-যুৱতীয়ে। নিবনুৱা সমস্যাই জুৰুলা কৰা ভাৰতৰ বাবে এই সমস্যাৰে মোকাবিলা কৰিব পৰাটো হ'ব অধিক জটিল। তথ্য অনুসৰি ভাৰতত ৩০ বছৰৰ তলৰ কাম হেৰুৱা যুৱক-যুৱতীৰ সংখ্যা এপ্ৰিলৰ শেষলৈ হৈছে ২ কোটি ৭০ লাখ।

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক'নমি চমুকৈ চিএমআইইৰ প্ৰতিবেদন অনুসাৰে ভাৰতত প্ৰথম পৰ্যায়ৰ লকডাউন ঘোষনাৰ পৰা এপ্ৰিলৰ শেষ পৰ্যন্ত ৩০ বছৰৰ তলৰ ২ কোটি ৭০ লাখ যুৱক যুৱতীয়ে চাকৰি হেৰুৱালে। লগে লগে ভাৰতত কৰ্মসংস্থাপন হীনতাৰ হাৰ ২৪ শতাংশলৈ বৃদ্ধি পালে। লকডাউনৰ আগলৈ ২০ৰ পৰা ৩০ বছৰৰ ৩৪.২ নিযুত যুৱক যুৱতীয়ে নিযুক্ত হৈ আছিল ইয়াৰে এতিয়া ২৭ নিযুতেই চাকৰি হেৰুৱালে।

এন যুৱক-যুৱতী সকল নিবনুৱা হৈ পৰাৰ লগে লগে নিবনুৱা সমস্যা অধিক প্ৰকট হৈ পৰাই নহয় অৰ্থনীতিৰ ক্ষেত্ৰতো ই এক বৃহৎ মাধমাৰ হব। তাৎপৰ্যপূৰ্ণ কথা শ্ৰম আইন উলংঘা কৰি শ্ৰমিকৰ কামৰ সময় ৮ৰ পৰা ১২ ঘন্টা কৰা দেশৰ চৰকাৰে নাকী লগাব নোৱাৰিলে পুঁজিপতি নিয়োগ কৰ্তাসকলক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাকৰিৰ পৰা কাকো অব্যাহতি নিদিবলৈ জনোৱা আহ্বান ফুটুকাৰ ফেনত পৰিনত হৈ পৰিল। চৰকাৰে নিয়োগকৰ্তা সকলক এই বৃহৎ পৰিমানৰ চাকৰি চাটাইৰ বাবে এষাৰ মাতো মতা নাই। পুঁজিপতি মালিক গোষ্ঠীৰ বিৰুদ্ধে চুপ হৈ পৰিল চৰকাৰ।

হয়টো ক'ৰণাবিভীষিকা এদিন অন্ত পৰিব কিন্তু এই বৃহৎ সংখ্যক কম বয়সৰ নিবনুৱাৰ সমস্যা কি হব সেয়া এক বৃহৎ প্ৰশ্ন। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।