ৰাজপথে ৰাজপথে কৰুণ দৃশ্য: এটুপি পানীৰ বাবে হাহাকাৰ শ্ৰমিকৰ

 05/15/2020 - 14:41

উৎপল কুমাৰ কলিতা: লেতেৰা ৰাজনীতিৰ বলি দেশৰ সৰ্বহাৰা শ্ৰমিক। কেন্দ্ৰীয় চৰকাৰে ঘৰমুৱা শ্ৰমিকৰ বাবে শ্ৰমিক ৰে'লৰ ব্যৱস্থা কৰাৰ কথা কৈছে। কিন্তু আজি হাজাৰ হাজাৰ শ্ৰমিকে টিকৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। এটা টিক পাবলৈ তিনিদিন শাৰী পাতিও টিক পোৱা নাই। ডিজিটেল বুকিং ব্যৱস্থা অচল। বহুতে টিকট এটা বিচাৰি নিশা পাৰ কৰিছে মুকলি স্হানত। নাই ভাত, নাই পানী। হাজাৰ হাজাৰ শ্ৰমিক সন্তানৰ অৱস্থা দেখিলে চকুলো ওলা

পঞ্জাবৰ পৰা মধ্য প্ৰদেশলৈ খোজকাঢ়ি যাত্ৰা কৰা এৰাকী মহিলা। চুটকেচৰ ওপৰত কনমানি সন্তানক উঠাই দি ৰছী লগায় টানি টানি নিছে চুটকেচটো। কিমান যন্ত্ৰণা পালে মানুহে এনে কষ্টকৰ কাম কৰিব পাৰে। এইবাৰ আহো আন এক দৃশ্যলৈ। ৰে'লৰ টিকট কৰিব পৰা ধন নাই হাতত। সেয়ে এইজন শ্ৰমিকে পাচশ কিলোমিটাৰ পথ সন্মুখত লৈ আগবাঢ়ি গৈছে গৰ্ভৱতী পত্নীক এখন তক্তাত বহুৱাই। দিল্লীৰ পৰা বিহাৰলৈ খোজ কাঢ়ি আগবাঢ়িছে দুটা কনমানি। ভৰি ফাটি তেজ ওলাইছে। খোজ কাঢ়িব পৰা শক্তি নাই। কিন্তু উপায় নাই। কান্দি কান্দি দুপিয়াই দুপিয়াই আগবাঢ়ি গৈছে শিশু দুটাই। বহু স্হানত ট্ৰাকেৰে বস্তা জপা দি ইজনৰ ওপৰত সিজন শ্ৰমিক জাপি দি ঘৰলৈ যোৱা ব্যৱস্হা কৰা হৈছে। মুঠতে সকলোতে একেই দৃশ্য।

ৰাজপথে ৰাজপথে ভোকাতুৰ শ্ৰমিকৰ আৰ্তনাদ। ভোকত মুকলি আকাশৰ তলত থাকি কিমান অপেক্ষা কৰিব চৰকাৰে কৰি দিয়া ব্যৱস্হালৈ। এই যন্ত্ৰণাৰ অধিক বলি হৈছে শিশু আৰু মহিলা। চৰকাৰে কেবল ঘোষণাতে সকলো সামৰিছে।

শ্ৰমিক সকলক ঘৰলৈ উভতিব নোৱাৰা পৰ্যন্ত থকা খোৱাৰ দায়িত্ব চৰকাৰে গুৰুত্ব দিয়া নাই। ফলত এই দৃশ্য এতিয়া সৰ্বত্ৰ। 

 

 

 

 

 

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।