চণ্ডীগড়ত দুই অসমীয়া শ্ৰমিকৰ মৃত্যু: চেন্নাইত হিয়া ধাকুৰি কান্দিছে অসমীয়াই

 05/15/2020 - 17:22

উৎপল কুমাৰ কলিতা: বহিঃৰাজ্যত সীমাহীন দুৰ্দশা অসমীয়াৰ। পেৰ দায়ত দুমুঠি ভাতৰ, এখন কাপোৰৰ সপোন ৰছি বহু অসমীয়া গৈছিল বহিঃৰাজ্যৰলৈ। বহুতৰ লগত আছিল পৰিয়াল। কিন্তু লকডাউনৰ পাছত বহুতেই হেৰুৱালে কাম আৰু আশ্ৰয়। যাৰবাবে অসমলৈ উভতি আহিবলৈ হাহাকাৰ। শুক্ৰবাৰে চেন্নাইত পৰিস্হিতি অধিক কৰু হৈ পৰে। এই দৃশ্য চেন্নাইৰ।

চৰকাৰে চেন্নাইৰ পৰা সমলৈ শ্ৰমিক ৰে'লৰ ব্যৱস্থা কৰাত হাজাৰ হাজাৰ চেন্নাইত কৰ্মৰত অসমীয়াই পাছ বিচাৰি ভিৰ কৰে অসম ভবনত। কিন্তু পাছ সীমিত। সেয়ে তিনিদিন লঘোনে ভোকে পৰি ৰৈছে শিশু মহিলাসহ বহুতো লোক। চাওক কিদৰে হিয়া ঢাকুৰি কান্দি কান্দি ভুক্তভোগীয়ে বৰ্নণা কৰিছে দুৰ্দশা। 

ইফালে গৃহহীন হৈ পৰা চেন্নাইত থকা অসমীয়া সকলক গুৰু নানক কলেজত ভয়ংকৰভাবে সামাজিক দূৰত্ব অবিহনে পান জপাদি ৰখা হৈছে। আজি এনে দুৰ্দশাৰ মাজতে সহস্ৰাধিক অসমীয়া শ্ৰমিকে বিভিন্ন শ্ল'গান দি উত্তাল কৰে অসম ভৱন। ইয়াৰ মাজতে শতাধিক যুবকে অসমলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ পৰা ২৩ জনীয়া শ্ৰমিকৰ দল এটা খোজকাঢ়ি অসমলৈ ৰাওনা হৈছে। কাচগঞ্জ জিলাত কৰ্মৰত সকলৰ বেছিভাগ মহিলা। কাম বন্ধ হোৱাৰ পাছত তেওঁলোক থকা হোষ্টেলৰ মালিকে হোষ্টেল খালী কৰিব দিয়াত উপায়ন্তৰ হৈ তেওঁলোকে আৰম্ভ কৰিছে খোজকাঢ়ি অসম যাত্ৰা।

আনহাতে এক কৰু ঘটনাত চণ্ডীগড়ত মৃত্যু ঘটিছে দুজন অসমীয়া শ্ৰমিকৰ। অমৃতচৰৰ পৰা খোজকাঢ়ি দিল্লীলৈ অহাৰ পথত ভোকে পিয়াহে অসুস্হ হৈ মৃত্যু ঘটে ধেমাজিৰ ৰোছন আৰু কানহায়া নামৰ দুজন চাহজনগোষ্ঠীৰ যুবকৰ। মুঠতে বহিঃৰাজ্যত এতিয়া বিননী অসমীয়াৰ।

চৰকাৰে বিষয়টোত গুৰুত্ব নিদিলে পৰিবেশ আৰু অবনতি ঘটাটো নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।