সাংবাদিক মানস জ্যোতিক জেৰা কৰিলে নিয়াই: শৃংখলা চলিহালৈ চিআইডিৰ চমন

 05/16/2020 - 13:13

উৎপল কুমাৰ কলিতা: এতিয়া বিশ্ব কাল মহামাৰীৰ বাবে সংকটত। সংকটত অসম। সকলোৱে এতিয়া সহযোগ কৰিছে চৰকাৰৰ ক'ৰণা বিৰোধী সংগ্ৰামত। সংকটৰ বাবে স্তব্ধ কা বিৰোধী সংগ্ৰাম। কিন্তু স্তব্ধ হোৱা নাই চৰকাৰৰ কা বিৰোধী সংগ্ৰামখনৰ প্ৰতি থকা আক্ৰোশ। ইতিমধ্যে বহু আবেদন নিবেদন, কাকূতি মিনতি, অনুৰোধৰ পাছতো বন্দী কৰি ৰখা হৈছে অখিল গগৈসহ কেবাজনো কা বিৰোধী নেতাক। এতিয়া ৰাইজ ক'ৰণাক লৈ ব্যস্ত থকাৰ সময়তে চৰকাৰ নামিছে কা বিৰোধীক হাৰাশাস্তি কৰাৰ বাবে।

শুক্ৰবাৰে নিয়াই গুৱাহাটীস্হ কাৰ্যালয়লৈ চমন জাৰি কৰি মাতি নিছিল জ্যোষ্ঠ সাংবাদিক মানস জ্যোতি বৰুৱাক। পাছ ঘন্টা ধৰি নিয়াই জেৰা চলালে সাংবাদিক গৰাকীক। অখিল গগৈৰ লগত হোৱা এক বাৰ্তালাপৰ ৰেকৰ্ডিংৰ কণ্ঠ সাংবাদিক জনৰ বুলি প্ৰমা কৰিবলৈ চেষ্টা কৰা হ'ল জেৰাত। আনকি সাংবাদিকজনৰ কণ্ঠ পৰীক্ষা কৰা, গ্ৰেপ্তাৰ কৰাৰো ভাবুকি দিলে নিয়াই।

সাংবাদিক মানস জ্যোতি বৰুৱাৰ অভিযোগ চৰকাৰে কা বিৰোধী সকলক সংকটৰ মাজতে বন্দী কৰাৰ প্ৰয়াস কৰিছে। আনহাতে চমন চিআইডিয়ে চমন জাৰি কৰিছে পুনৰ কা বিৰোধী স্হিতি অটল থকা বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা আৰু শিবসাগৰ জিলা সমিতিৰ সভাপতি চিকু বৰুৱালৈ।

পূৰ্বে কা বিৰোধী আন্দোলনৰ সময়তো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল চলিহাক। চলিহাৰ সন্দেহ তেওঁক পুনৰ কাৰাগাৰত নিক্ষেপ কৰিব পাৰে। ক'ৰণা সংকটৰ সময়তো চৰকাৰৰ এই কা বিৰোধী সকলক কৰা হাৰাশাস্তিয়ে প্ৰমা কৰিছে আক্ৰোশমূলক স্হিতি। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।